ৰায়পুৰ, ১৮ ডিচেম্বৰ (হি.স.)। ছত্তীশগড়ৰ চুকমা জিলাৰ গোলাপল্লী অঞ্চলৰ বনাঞ্চলত আজি পুৱাৰে পৰা নক্সাল আৰু নিৰাপত্তাৰক্ষীৰ মাজত মুখামুখি হৈছে। প্ৰাথমিক তথ্য অনুসৰি এগৰাকী মহিলা নক্সালবাদীকে ধৰি তিনিজন নক্সালবাদী নিহত হোৱাৰ বিপৰীতে আন কেইবাজনো লোক আহত হোৱাৰ আশংকা কৰা হৈছে। সুকমা আৰক্ষী অধীক্ষক কিৰণ চৌহানে এই এনকাউণ্টাৰ আৰু তিনি নক্সালবাদীক হত্যা কৰাৰ কথা নিশ্চিত কৰে।
সুকমা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা জানিব পৰা মতে, নিহত নক্সালবাদী কেইজন কিস্তাৰাম আঞ্চলিক সমিতিৰ সদস্য আছিল, য’ত আছিল মাদৱী যোগা ওৰফে মুন্না ওৰফে জগত (এচিএম), ছ’ধি বাণ্ডী (এচিএম), আৰু মহিলা নক্সালবাদী নুপ্পো বাজনী (এচিএম)।
আৰক্ষীৰ সূত্ৰ অনুসৰি নিৰাপত্তাৰক্ষীৰ ডি আৰ টিমে বনাঞ্চল ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰিছে। এনকাউণ্টাৰৰ সময়ত দুয়োফালৰ পৰা মাজে মাজে গুলীচালনা চলি আছে। স্থানীয় বিষয়াসকলে জনোৱা মতে, অভিযান অব্যাহত আছে আৰু অঞ্চলটোৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
