লক্ষ্ণৌ, ৩০ আগষ্ট (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক লৈ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মইত্ৰাৰ মন্তব্যক তীব্ৰ সমালোচনা কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
শনিবাৰে এক এক্স পোষ্টত মুখ্যমন্ত্ৰী যোগীয়ে লিখিছে যে তৃণমূল সাংসদগৰাকীয়ে গৃহমন্ত্ৰী অমিত শ্বাহক লৈ কৰা অসংসদীয় আৰু আপত্তিজনক মন্তব্য ক্ষমা কৰিব নোৱাৰা আৰু অতি নিন্দনীয়। তৃণমূল কংগ্ৰেছৰ ৰাজনৈতিক বেয়া আচাৰ-ব্যৱহাৰ উন্মোচন কৰা এই মন্তব্য ভাৰতীয় গণতান্ত্ৰিক মূল্যবোধত বিশ্বাসী প্ৰতিজন ভাৰতীয়ৰ অপমান। এই অশ্লীল মন্তব্যৰ বাবে তৃণমূল কংগ্ৰেছে ততাতৈয়াকৈ সমগ্ৰ দেশৰ ওচৰত ক্ষমা খুজিব লাগে।
এটা ভাইৰেল ভিডিঅ’ত সাংসদ মৈত্ৰই কোৱা দেখা গৈছে যে অনুপ্ৰৱেশ বন্ধ কৰাটো গৃহ মন্ত্ৰালয়ৰ দায়িত্ব, য’ত গৃহমন্ত্ৰী অমিত শ্বাহ ব্যৰ্থ হৈছে। সেয়ে তেওঁৰ মূৰটো কাটি প্ৰধানমন্ত্ৰীৰ টেবুলত থৈ দিব লাগে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
