নতুন দিল্লী, ২৫ অক্টোবৰ (হি.স.)। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু তেওঁৰ পত্নী ড০ সুদেশ ধনখৰ কাইলৈ ২৬ অক্টোবৰত উত্তৰাখণ্ডলৈ দুদিনীয়া ভ্ৰমণলৈ যাব । উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত এইটোৱেই হ’ব তেওঁৰ প্ৰথম উত্তৰাখণ্ড ৰাজ্য ভ্ৰমণ।
প্ৰথম দিনাই গংগোত্ৰী ভ্ৰমণ কৰিব উপ-ৰাষ্ট্ৰপতি ধনখৰে। পিছদিনা ২৭ অক্টোবৰত তেওঁ কেদাৰনাথ ধাম আৰু বদ্ৰীনাথ ধাম ভ্ৰমণ কৰিব। ইয়াৰ পাছতে ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ তত্বাৱধানত আয়োজিত দেশ নেতৃত্বাধীন পদক্ষেপ (চিএলআই)ৰ সামৰণি অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণ দিব। এই ভ্ৰমণৰ সময়ত তেওঁ ডেৰাডুনস্থিত ৰাজ ভৱনলৈও যোৱাৰ কথা।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
