
ধুবুৰী, ১৫ জুলাই (হি.স.)। এদিনীয়া কাৰ্য্যসূচীৰে ধুবুৰীত উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী প্ৰতাপ ৰাও যাদৱ। ৰাতিপুৱা ৭:৩০ বজাত ৰূপচী বিমানবন্দৰত উপস্থিত হৈ পোনে পোনে ঐতিহাসিক গৌৰীপুৰ চহৰৰ গৌৰীপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱ নিৰ্মিত শ্ৰেণী কোঠা বিল্ডিং প্ৰদৰ্শন কৰাৰ লগতে বিদ্যালয় প্ৰাঙ্গনত গছ পুলি ৰোপন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰী গৰাকীয়ে।
গৌৰীপুৰৰ চহৰৰ কাৰ্য্যসূচী সমাপ্ত কৰি ধুবুৰী অৱৰ্ত্ত ভৱনলৈ ৰাওনা হয় মন্ত্ৰী গৰাকীয়ে। ১১বজাত ধুবুৰী জিলা প্ৰশাসনৰ লগত এক বৈঠকত মিলিত লোৱাৰ লগতে ১১:৩০ মিনিটত টেক বাহাদুৰ গুৰুদুৱাৰ উপস্থিত হ’ব কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে।
আনহাতে ১২:৩০ মিনিটত ৰূপচী বিমানবন্দৰ পৰা গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰলৈ ৰাওনা হ’ব মন্ত্ৰী গৰাকী।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
