১৯২০ চনত জন্মগ্ৰহণ কৰা ভাৰতৰ দশম ৰাষ্ট্ৰপতি কোচেৰিল ৰমন নাৰায়ণন (কে.আৰ. নাৰায়ণন) ৰাজনীতিত প্ৰৱেশৰ পূৰ্বে ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ)ত কাৰ্যনিৰ্বাহ কৰি বহু দেশত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল এজন সফল কূটনীতিবিদ হিচাপে। পিছলৈ তেওঁ ৰাজনীতিত প্ৰৱেশ কৰি উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু তাৰ পিছত ১৯৯৭ চনত ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। ১৯৯৭ চনৰ ২৫ জুলাইৰ পৰা ২০০২ চনৰ ২৫ জুলাইলৈকে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।
নাৰায়ণন সৰল জীৱনশৈলী, সততা, সাংবিধানিক মূল্যবোধৰ প্ৰতি সমৰ্পিততাৰ বাবে পৰিচিত আছিল। তেওঁৰ কাৰ্যকালত তেওঁ গণতন্ত্ৰ আৰু সামাজিক সমতা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছিল। ৰাষ্ট্ৰপতি হিচাপে তেওঁ ভাৰতৰ সৰ্বোচ্চ পদবীটো যে সামাজিক পটভূমি নিৰ্বিশেষে সকলোৰে বাবে সুলভ সেই কথাও প্ৰদৰ্শন কৰিছিল। ২০০৫ চনত তেওঁৰ মৃত্যু হয় যদিও এতিয়াও তেওঁক এজন আদৰ্শ জনসেৱক আৰু এজন প্ৰেৰণাদায়ক ব্যক্তিত্ব হিচাপে স্মৰণ কৰা হয়।
গুৰুত্বপূৰ্ণ পৰিঘটনা-
১৬৭৬ – পোলেণ্ড আৰু তুৰস্কই ৱাৰ্ছ চুক্তি স্বাক্ষৰ কৰে।
১৭৯৫ – আমেৰিকা আৰু স্পেইনে ছান লৰেঞ্জো সন্ধি স্বাক্ষৰ কৰে।
১৮০৬ – ফৰাচী সৈন্যই বাৰ্লিনত প্ৰৱেশ কৰে।
১৯৪৭ – জম্মু-কাশ্মীৰৰ ৰজা হৰিসিংহই জম্মু-কাশ্মীৰক ভাৰতৰ সৈতে একত্ৰীকৰণ গ্ৰহণ কৰে।
১৯৫৯ – পশ্চিম মেক্সিকোত ঘূৰ্ণীবতাহৰ ফলত কমেও ২০০০ লোকৰ মৃত্যু হয়।
১৯৬৮ – মেক্সিকো চহৰত ১৯ সংখ্যক অলিম্পিক গেমছৰ সামৰণি পৰে।
১৯৭৮ – ইজিপ্তৰ ৰাষ্ট্ৰপতি আনোৱাৰ সাদাত আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী মেনাচেম বেগিনক শান্তিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত হয়।
১৯৯৫ – ইউক্ৰেইনৰ কিয়ভত থকা চেৰ্নোবিল পাৰমাণৱিক ৰিয়েক্টৰ সুৰক্ষাৰ ত্ৰুটিৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।
১৯৯৭ – স্কটলেণ্ডৰ এডিনবাৰ্গত কমনৱেলথ সন্মিলন অনুষ্ঠিত হয়।
২০০৩ – চীনত হোৱা ভূমিকম্পত ৫০ হাজাৰতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হয় আৰু বাগদাদত হোৱা বোমা বিস্ফোৰণত ৪০ জন লোকৰ মৃত্যু হয়।
২০০৪ – চীনে এখন বিশাল ক্ৰেন নিৰ্মাণ কৰে। দুদিনীয়া ভাৰত ভ্ৰমণৰ বাবে নতুন দিল্লীত উপস্থিত হয় ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰী মিচেল ভাৰ্নিয়াৰ।
২০০৮ – কেন্দ্ৰীয় চৰকাৰে বাতৰি কাকত উদ্যোগৰ সাংবাদিক আৰু অসাংবাদিকক অন্তৱৰ্তীকালীন সকাহ প্ৰদানৰ অধিসূচনা জাৰি কৰে।
জন্ম-
১৮১১ – আইজাক মেৰিট গায়ক – চিলাই মেচিনৰ উদ্ভাৱক।
১৯০৪ – যতীন্দ্ৰনাথ দাস – ভাৰতৰ অন্যতম বিখ্যাত বিপ্লৱী।
১৯২০ – কে আৰ নাৰায়ণন – ভাৰতৰ দশম ৰাষ্ট্ৰপতি।
১৯২৮ – দত্তজী ৰাও গেকৱাদ – ভাৰতীয় ক্ৰিকেটাৰ।
১৯৪৫ – লুইজ ইনাচিও লুলা দা চিলভা – ব্ৰাজিলৰ পঁয়ত্ৰিশতম ৰাষ্ট্ৰপতি।
১৯৫০ – শ্ৰীবৎস গোস্বামী – বৈষ্ণৱী পণ্ডিত। তেওঁ বৃন্দাবনৰ শ্ৰী চৈতন্য প্ৰেম সংস্থাৰ পৰিচালক।
১৯৬৬ – দিব্যেন্দু বৰুৱা – ভাৰতৰ দ্বিতীয় গ্ৰেণ্ড মাষ্টৰ দবা।
১৯৮৪ – ইৰফান পাথান – ভাৰতৰ প্ৰতিভাৱান অল ৰাউণ্ডাৰ ক্ৰিকেটাৰ।
মৃত্যু-
১৬০৫ – আকবৰ – মোগল সম্ৰাট
১৯০৭ – ব্ৰহ্মবন্ধৱ উপাধ্যায় – ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
১৯৪২ – সত্যেন্দ্ৰ চন্দ্ৰ মিত্ৰ – দক্ষ ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী।
১৯৪৭ – দেৱান ৰঞ্জিত ৰায় – ভাৰতীয় সামৰিক বিষয়াক ‘মহাবীৰ চক্ৰ’ বঁটা প্ৰদান কৰা হয়।
১৯৪৭ – ব্ৰিগেডিয়াৰ ৰাজেন্দ্ৰ সিং – ভাৰতীয় সামৰিক বিষয়াক ‘মহাবীৰ চক্ৰ’ৰে সন্মানিত কৰা হয়।
১৯৫৩ – টি.এছ.এছ. ৰাজন – ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা অন্যতম বিশিষ্ট ভাৰতীয়।
১৯৭৪ – ৰামানুজন – মহান ভাৰতীয় গণিতজ্ঞ।
১৯৭৭ – এছ এম শ্ৰীনগেশ – ভাৰতীয় সেনাৰ তৃতীয় সেনাধ্যক্ষ।
১৯৮২ – প্যাৰেলাল – গান্ধীজীৰ ব্যক্তিগত সম্পাদক।
১৯৮৭ – বিজয় মাৰ্চেণ্ট – এজন মহান ভাৰতীয় ক্ৰিকেটাৰ, ডন ব্ৰেডমেনৰ সমসাময়িক।
১৯৯৯ – ড° নগেন্দ্ৰ – ভাৰতৰ বিখ্যাত হিন্দী সাহিত্যিক।
২০০১ – প্ৰদীপ কুমাৰ – বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেতা।
২০০৩ – বি.বি.লিংডোহ – মেঘালয়ৰ প্ৰাক্তন তৃতীয় মুখ্যমন্ত্ৰী। তেওঁ তিনিবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০১৮ – মদন লাল খুৰানা – দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
গুৰুত্বপূৰ্ণ অনুষ্ঠান-
বিশ্ব দৃশ্য-শ্ৰাব্য ঐতিহ্য দিৱস (২০১০)
বিশ্ব অকুপেচনেল থেৰাপি দিৱস
हिन्दुस्थान समाचार / অৰৱিন্দ
