২৫ জুলাই ইতিহাসৰ বহু গুৰুত্বপূৰ্ণ ঘটনাৰ বাবে জনাজাত। ১৯৭৮ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথম আইভিএফ (ইন ভিট্ৰো ফাৰ্টিলাইজেছন-in vitro fertilization) শিশু লুইজ ব্ৰাউনৰ জন্ম হয়। সেয়েহে এই দিৱসটো বিশ্ব ভ্ৰূণ বিশেষজ্ঞ দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ প্ৰথম টেষ্ট টিউব বেবীৰ নাম কানুপ্ৰিয়া আগৰৱালা যিগৰাকী কলকাতাত জন্মগ্ৰহণ কৰিছিল। লুইচৰ জন্মৰ ৬৭ দিনৰ পিছত অৰ্থাৎ ১৯৭৮ চনৰ ৩ অক্টোবৰত কানুপ্ৰিয়াৰ জন্ম হৈছিল।
অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা:
১৮১৩ – কলকাতাত প্ৰথম নাও খেল প্ৰতিযোগিতা আয়োজন কৰা হয়।
১৮১৪ – আমেৰিকাই নায়াগ্ৰা জলপ্ৰপাতৰ যুদ্ধত ব্ৰিটেইনক পৰাস্ত কৰে।
১৯০৯ – ফ্ৰান্সৰ লুই ব্লেৰিয়ে প্ৰথমখন বিমানৰে ইংৰাজী চেনেল পাৰ হয়।
১৯৪৮ – অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলে ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ সৰ্ববৃহৎ লক্ষ্যত উপনীত হৈ অভিলেখ সৃষ্টি কৰে।
১৯৫২ – প’ৰ্ট’ ৰিকো স্ব-শাসিত আমেৰিকাৰ কমনৱেলথ (সংবিধান দিৱস) হিচাপে পৰিগণিত হয়।
১৯৬৩ – আমেৰিকা, ৰাছিয়া আৰু ব্ৰিটেইনে পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তি স্বাক্ষৰ কৰে।
১৯৭৭ – নীলম সঞ্জীৱ ৰেড্ডীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।
১৯৭৮ – বিশ্বৰ প্ৰথম আইভিএফ সন্তান লুইজ ব্ৰাউনৰ জন্ম হয়।
১৯৮৭ – আৰ ভেংকটাৰমণ ভাৰতৰ অষ্টম ৰাষ্ট্ৰপতি হয়।
১৯৯৪ – আজিৰ দিনটোতে জৰ্ডান আৰু ইজৰাইলৰ মাজত ৪৬ বছৰীয়া যুদ্ধৰ অন্ত পৰে।
১৯৯৭ – কে আৰ নাৰায়ণন ভাৰতৰ দশম ৰাষ্ট্ৰপতি হয়।
২০০০ – এয়াৰ ফ্ৰান্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয় আৰু ১০৯ জন যাত্ৰী আৰু ৪ জন হোটেলৰ অতিথিৰ মৃত্যু হয়।
২০০৭ – প্ৰতিভা পাটিলে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।
২০১৭ – বানপানীৰ ফলত গুজৰাটত ৭০ জনতকৈ অধিক লোকৰ মৃত্যু।
২০১৭ – ভাৰতৰ চতুৰ্দশ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে ৰামনাথ কোবিন্দে।
জন্ম:
১৯২০ – গোবিন্দ নাৰায়ণ সিং – মধ্যপ্ৰদেশৰ প্ৰাক্তন পঞ্চম মুখ্যমন্ত্ৰী।
১৯২৯ – সোমনাথ চেটাৰ্জী – প্ৰখ্যাত ৰাজনীতিবিদ আৰু ‘ভাৰতীয় কমিউনিষ্ট পাৰ্টি’ৰ অন্যতম বিশিষ্ট নেতা।
১৯২২ – শ্যামাচৰণ ডুবে – ভাৰতীয় সমাজবিজ্ঞানী আৰু সাহিত্যিক।
১৮৯৪ – পৰশুৰাম চতুৰ্বেদী – পণ্ডিত, গৱেষণা কৰ্মী, সমালোচক।
১৯৬৬ – আজিৰ দিনটোতে হৰসিমৰত কৌৰ বাদল – ভাৰতৰ বিশিষ্ট ৰাজনীতিবিদ, বৰ্তমান ভাৰত চৰকাৰৰ অধীনৰ খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী।
মৃত্যু:
১৮৬২ – মাৰ্টিন ভান বুৰেন – আমেৰিকাৰ অষ্টম ৰাষ্ট্ৰপতি।
১৮৮০ – গণেশ বাসুদেৱ যোশী – সমাজ কৰ্মী।
১৯৫৬ – গোদাবৰীশ মিশ্ৰ – উৰিষ্যাৰ বিখ্যাত সমাজ সংস্কাৰক, সাহিত্যিক আৰু সমাজ কৰ্মী।
১৯৮১ – মনমোহন ছুৰি – ভাৰতীয় যান্ত্ৰিক অভিযন্তা আৰু কেন্দ্ৰীয় যান্ত্ৰিক অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠান দুৰ্গাপুৰৰ পৰিচালক।
২০০১ – ফুলন দেৱী – এগৰাকী ভাৰতীয় দলিত মহিলা, যিয়ে ডকাইতৰ পৰা সাংসদ হয়।
২০১২ চনত বি.আৰ. ইছাৰা – বিখ্যাত চলচ্চিত্ৰ পৰিচালক
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
