• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ২৪ নৱেম্বৰঃ অসমৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ জন্ম বাৰ্ষিকী
National

ইতিহাসৰ পৃষ্ঠাত ২৪ নৱেম্বৰঃ অসমৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ জন্ম বাৰ্ষিকী

CliQ INDIA
Last updated: November 23, 2025 3:10 pm
CliQ INDIA
Share
5 Min Read
SHARE

১৬২২ চনৰ ২৪ নৱেম্বৰ দিনটো ভাৰতীয় ইতিহাসৰ বাবে বিশেষকৈ অসমৰ গৌৰৱ আৰু সামৰিক শক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। আজিৰ দিনটোতে জন্ম হৈছিল মহান অসমীয়া সেনাপতি লাচিত বৰফুকনৰ—যিজনে মোগল সাম্ৰাজ্যৰ বাৰম্বাৰ আক্ৰমণৰ পৰা আহোম ৰাজ্যক ৰক্ষা কৰাৰ ক্ষেত্ৰত অসাধাৰণ সাহস আৰু কৌশলগত বুদ্ধিমত্তা প্ৰদৰ্শন কৰিছিল।

১৬৭১ চনত শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনক বিশেষভাৱে স্মৰণ কৰা হয়। ব্ৰহ্মপুত্ৰ নদীত হোৱা এই নিৰ্ণায়ক যুদ্ধত তেওঁ সীমিত সম্পদ সত্ত্বেও মোগল সেনাক পৰাজিত কৰি দীৰ্ঘদিন ধৰি আহোম ৰাজ্যৰ স্বাধীনতা নিশ্চিত কৰে।

তেওঁৰ নাম আজিও বীৰত্ব, অনুশাসন আৰু দেশপ্ৰেমৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীয়ে প্ৰতি বছৰে এজন অসাধাৰণ কেডেটক লাচিত বৰফুকন স্বৰ্ণ পদক প্ৰদান কৰি তেওঁৰ স্মৃতিত সন্মান জনায়।

গুৰুত্বপূৰ্ণ পৰিঘটনা-

১৭৫৯ – ইটালীত ভেছুভিয়াছ পৰ্বত বিস্ফোৰণ হয়।

১৮৫৯ – চাৰ্লছ ডাৰউইনৰ অন দ্য অৰিজিন অৱ স্পেচিজ প্ৰকাশ পায়।

১৯৬৩ – আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জন এফ কেনেডীৰ হত্যাকাৰী লি হাৰ্ভি অছৱাল্ডক হত্যা কৰা হয়।

১৮৭১ – নেচনেল ৰাইফল এছ’চিয়েচন (এন ৱাই চি) গঠন কৰা হয়।

১৯২৬ – প্ৰখ্যাত দাৰ্শনিক শ্ৰী অৰোবিন্দোৱে জ্ঞানলাভ কৰে।

১৯৬৬ – কংগোৰ ৰাজধানী কিনছাছাত প্ৰথম টিভি ষ্টেচন মুকলি কৰা হয়।

১৯৬৬ – শ্লোভাকিয়াৰ ব্ৰাটিছলাভাৰ সমীপত বুলগেৰিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৮২ জন যাত্ৰী নিহত হয়।

১৯৮৬ – প্ৰথমবাৰৰ বাবে তামিলনাডু বিধানসভাৰ পৰা বিধায়কক একেলগে বহিষ্কাৰ কৰা হয়।

১৯৮৮ – প্ৰথমবাৰৰ বাবে লোকসভাৰ সাংসদ লালডুহোমাক দল বিৰোধী আইনৰ অধীনত অযোগ্য ঘোষণা কৰা হয়।

১৯৮৯ – চেকোস্লোভাকিয়াৰ তেতিয়াৰ কমিউনিষ্ট পাৰ্টিৰ সমগ্ৰ নেতৃত্বই গণ পদত্যাগ কৰি নতুন যুগৰ সূচনা কৰে।

১৯৯২ – চীনৰ এখন ঘৰুৱা বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ১৪১ জন লোকৰ মৃত্যু হয়।

১৯৯৮ – এমিল লাহৌদে লেবাননৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।

১৯৯৯ – এথেন্সত অনুষ্ঠিত হোৱা বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ কুঞ্জুৰাণী দেৱীয়ে ৰূপৰ পদক লাভ কৰে।

২০০১ – নেপালত মাওবাদীয়ে ৩৮ জন সেনা আৰু আৰক্ষী জোৱানক হত্যা কৰে।

২০০১ – তুৰস্কৰ গ্ৰেণ্ড নেচনেল এছেম্বলীয়ে দেশখনৰ আইন সংশোধন কৰি মহিলাসকলক আইনগতভাৱে পুৰুষৰ সমান কৰি দিয়ে।

২০০৬ – পাকিস্তান আৰু চীনে মুক্ত বাণিজ্য অঞ্চলৰ চুক্তি স্বাক্ষৰ কৰে আৰু আৱাক্স (AWACS) নিৰ্মাণৰ বাবে সন্মতি দিয়ে।

২০০৭ – পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে আঠ বছৰ নিৰ্বাসনৰ অন্তত স্বদেশলৈ উভতি আহে।

২০০৮ – আজিৰ দিনটোতে মালেগাওঁ বোমা বিস্ফোৰণৰ গোচৰৰ অভিযুক্ত সাধ্ৱী প্ৰজ্ঞা সিং ঠাকুৰে এ টি এছৰ বিৰুদ্ধে এখন অশ্লীল চিডি দেখুওৱাৰ অভিযোগ উত্থাপন কৰে।

২০১৮ – ভাৰতীয় মহিলা বক্সিং ছুপাৰষ্টাৰ এম.চি. মেৰী কম (৪৮ কেজি)য়ে দশম মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰে।

২০২০ – ভাৰত চৰকাৰে আলি এক্সপ্ৰেছ, অলিপে কেছিয়াৰ, কেমকাৰ্ড (AliExpress, Alipay Cashier, CamCard)কে ধৰি আৰু ৪৩টা চীনা মোবাইল এপ নিষিদ্ধ কৰে।

জন্ম-

১৬২২ – আজিৰ দিনটোতে মোগলৰ আগ্ৰাসনৰ পৰা ৰাজ্য ৰক্ষা কৰা মহান অসমীয়া সেনাপতি লাচিত বৰফুকন।

১৮০৬ – আজিৰ দিনটোতে নৰসিংহ ৰেড্ডী – ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামী।

১৮৭৭ – আজিৰ দিনটোতে কাৱাছাজী জামছেদজী পেটিগাৰা – ডেপুটি কমিছনাৰ হোৱা প্ৰথম ভাৰতীয়।

১৮৮১ – আজিৰ দিনটোতে ছোতু ৰাম – ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ।

১৮৯৯ – আজিৰ দিনটোতে হিৰালাল শাস্ত্ৰী – বিখ্যাত ৰাজনীতিবিদ আৰু ৰাজস্থানৰ প্ৰথম মুখ্যমন্ত্ৰী।

১৯২৯ – আজিৰ দিনটোতে মহম্মদ শ্বাফি কুৰেছী – ভাৰতৰ অন্যতম বিশিষ্ট মুছলমান ৰাজনীতিবিদ আৰু বিহাৰ, মধ্যপ্ৰদেশ, আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল।

১৯৩৬ – চ্যেদা আনোৱাৰা টাইমুৰ – অসমৰ বিখ্যাত মুছলমান মহিলা ৰাজনীতিবিদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী।

১৯৪৪ – বিখ্যাত অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক আমোল পালেকাৰ।

১৯৫৫ – ইয়ান বথাম – ইংলেণ্ডৰ প্ৰাক্তন টেষ্ট অধিনায়ক আৰু এতিয়া মন্তব্যকাৰী।

১৯৬১ – অৰুন্ধতী ৰায় – প্ৰখ্যাত ইংৰাজী সাহিত্যিক আৰু সমাজ কৰ্মী।

১৯৬৩ – মাৰোতৰাও কান্নামৱাৰ – মহাৰাষ্ট্ৰৰ দ্বিতীয় মুখ্যমন্ত্ৰী আছিল।

২০০১ – অঞ্চিতা শ্বেউলি – ভাৰতীয় ভাৰোত্তোলক যিয়ে ৭৩ কেজি ওজন শাখাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

মৃত্যু হোৱা-

১৬৭৫ – গুৰু তেঘ বাহাদুৰ – শিখসকলৰ নৱম গুৰু।

২০০৩ – উমা দেৱী খাত্ৰী – হিন্দী ছবিৰ বিখ্যাত কমেডিয়ান।

২০১৯ – কৈলাশ চন্দ্ৰ যোশী – ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

২০২০ – কলবে ছাদিক – উত্তৰ প্ৰদেশৰ সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন ব’ৰ্ডৰ উপ সভাপতি আৰু এজন ছিয়া ধৰ্মীয় নেতা।

গুৰুত্বপূৰ্ণ দিন-

-ৰাষ্ট্ৰীয় চিকিৎসা দিৱস (সপ্তাহ)।

-ৰাষ্ট্ৰীয় ঐক্য দিৱস (সপ্তাহ)।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

সদনত চৌধুৰী চৰণ সিঙৰ অপমান নকৰিবঃ ধনখৰ
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস গণ আন্দোলনলৈ পৰিণত, দেশ-বিদেশত দেখা গ’ল আচৰিত উৎসাহ – ‘মন কি বাত’ত প্ৰধানমন্ত্ৰীৰ উল্লেখ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আজি অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত নিৰ্বাচনী প্ৰচাৰ
প্ৰধানমন্ত্ৰী মোদীৰ আজিৰে পৰা দুদিনীয়াকৈ গুজৰাট ভ্ৰমণ
অপাৰেচন ব্লু ষ্টাৰৰ বাবে ইন্দিৰা গান্ধীক দোষমুক্ত কৰিব নোৱাৰি : ছিৰছা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article প্ৰধানমন্ত্ৰী মোদীৰ জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশ্বব্যাপী অধিক শক্তিশালী সহযোগিতাৰ আহ্বান
Next Article উত্তৰ গুৱাহাটী লেঙাত শোকাৱহ পথ দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যু
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?