• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ০৬ আগষ্টঃ আজিৰ দিনটোতে ভাৰতত জন্ম হৈছিল প্ৰথম টেষ্ট টিউব শিশু
National

ইতিহাসৰ পৃষ্ঠাত ০৬ আগষ্টঃ আজিৰ দিনটোতে ভাৰতত জন্ম হৈছিল প্ৰথম টেষ্ট টিউব শিশু

CliQ INDIA
Last updated: August 5, 2025 2:51 pm
CliQ INDIA
Share
4 Min Read
SHARE

বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি নিজৰ মাজতে এক আচৰিত অলৌকিক আৰু সন্তানৰ জন্ম প্ৰকৃতিৰ অন্যতম সুন্দৰ অলৌকিকতা। বিজ্ঞানে এই প্ৰক্ৰিয়াটো বুজি পোৱাই নহয়, ইয়াক এক নতুন দিশো দিলে। ভাৰতে এনে এটা ঐতিহাসিক কৃতিত্ব ১৯৮৬ চনৰ ০৬ আগষ্টত অৰ্জন কৰিছিল, যেতিয়া দেশৰ প্ৰথম টেষ্ট টিউব বেবীৰ জন্ম হৈছিল।

ভাৰতীয় চিকিৎসা আৰু জৈৱ প্ৰজনন প্ৰযুক্তিৰ ইতিহাসত এই দিনটো এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হয়। এই প্ৰক্ৰিয়াটোক বৈজ্ঞানিক ভাষাত ইন-ভিট্ৰ’ ফাৰ্টিলাইজেচন (আইভিএফ) বুলি কোৱা হয়, য’ত মাতৃৰ শৰীৰৰ বাহিৰত কণী আৰু শুক্ৰাণু মিহলি কৰি তাৰ পিছত মাতৃৰ জৰায়ুত ভ্ৰূণ সংস্থাপন কৰা হয়।

ভাৰতৰ প্ৰথম টেষ্ট টিউব বেবী জন্মৰ এই সফলতা ডাঃ ইন্দিৰা হিন্দুজা আৰু তেওঁৰ দলৰ কঠোৰ পৰিশ্ৰমৰ ফল। এই ছোৱালীজনীৰ নাম আছিল হৰ্ষা, যাৰ জন্ম হৈছিল মুম্বাইৰ কে ই এম হাস্পতালত। এই সময়ত দেশত এই প্ৰযুক্তিৰ প্ৰতি সজাগতা আৰু সম্পদৰ বিপুল অভাৱ আছিল যদিও ভাৰতীয় বিজ্ঞানীসকলে সীমিত সম্পদেৰেও এই কৃতিত্ব অৰ্জন কৰিছিল।

সন্তান জন্ম দিয়াৰ আনন্দৰ পৰা বঞ্চিত লাখ লাখ দম্পতীৰ বাবে টেষ্ট টিউব বেবী প্ৰযুক্তিয়ে আশাৰ নতুন ৰশ্মি কঢ়িয়াই আনিলে। এই প্ৰযুক্তি কেৱল বিজ্ঞানৰ এক আচৰিত নিদৰ্শন নহয়, সামাজিক আৰু আৱেগিক দৃষ্টিকোণৰ পৰাও ইয়াক এক অতি গুৰুত্বপূৰ্ণ কৃতিত্ব বুলি গণ্য কৰা হয়।

অন্যান্য মুখ্য ঘটনাৱলী :

১৮২১ -আজিৰ দিনটোতে ব্ৰুছেলছত ‘কুৰিয়ৰ অৱ পেজ বেছ’ কাকতৰ প্রথম সংস্কৰণ প্রকাশ হয়।

১৮২৫ – বলিভিয়াই পেৰুৰ পৰা স্বাধীনতা লাভ কৰে।

১৮৬২ – মাদ্ৰাজ উচ্চ ন্যায়ালয় স্থাপন হয়।

১৯০৬ – বিশিষ্ট স্বাধীনতা সংগ্ৰামী চিত্তৰঞ্জন দাস আৰু অন্যান্য নেতাই মিলি বন্দে মাতৰম কাকত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে।

১৯১৪ – অষ্ট্ৰিয়াই ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

১৯৪৫ – আমেৰিকাই জাপানৰ হিৰোছিমা চহৰত পাৰমাণৱিক বোমা নিক্ষেপ কৰে।

১৯৬০ – কিউবাই দেশৰ সম্পত্তি ৰাষ্ট্ৰীয়কৰণ।

১৯৬২ – জামাইকাৰ ওপৰত যুক্তৰাজ্যৰ শাসনৰ অন্ত পৰে আৰু ই স্বাধীনতা লাভ কৰে।

১৯৮৬ – আজিৰ দিনটোতে ভাৰতৰ প্ৰথম টেষ্ট টিউব কেঁচুৱা ‘হৰ্ষা’ৰ জন্ম হয়।

১৯৯৬ – নাছাই মংগল গ্ৰহত জীৱনৰ সম্ভাৱনা প্ৰকাশ কৰে।

২০০১ – ভাৰত আৰু অষ্ট্ৰেলিয়াই অৰ্থনৈতিক চুক্তি স্বাক্ষৰ কৰে।

২০০৭ – মধ্য ত্ৰিনিদাদত এটা পুৰণি হিন্দু মন্দিৰৰ ক্ষতিসাধন হয়।

২০০৭ – হাংগেৰীৰ বিজ্ঞানীসকলে প্ৰায় ৮০ লাখ বছৰ পুৰণি পাইন গছৰ জীৱাশ্ম পোৱা বুলি দাবী কৰে।

২০১০ – জম্মু-কাশ্মীৰত ক্ষন্তেকীয়া বানত ২৫৫ জন লোকৰ মৃত্যু।

২০১১ – থাইলেণ্ডৰ পুয়েয়া থাই পাৰ্টিৰ ইংলাক শ্বিনাৱাট্ৰাই শুকুৰবাৰে দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়।

২০১২ – নাছাৰ কিউৰিয়াচিটি ৰভাৰ মংগল গ্ৰহত উপস্থিত হয়।

জন্ম:

১৯১৫ – গুৰদয়াল সিং ধিলন – ভাৰতৰ পঞ্চম লোকসভাৰ অধ্যক্ষ।

১৯২১ – কে.এম. চাণ্ডী – স্বাধীনতা সংগ্ৰামী তথা গুজৰাট আৰু মধ্যপ্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল।

১৯৩৩ – এ.জি কৃপাল সিং – ভাৰতীয় ক্ৰিকেটাৰ।

১৯৪৪ – অবিনাশ দীক্ষিত – ভাৰতীয় মূলৰ আমেৰিকান অৰ্থনীতিবিদ।

১৯৫৯ – ৰাজেন্দ্ৰ সিং – ভাৰতৰ বিখ্যাত পৰিবেশ কৰ্মী।

১৯৭০ – এম নাইট শ্যামলন – ভাৰতীয়/আমেৰিকান চলচ্চিত্ৰ পৰিচালক।

মৃত্যু:

১৯২৫ – ছাৰ সুৰেন্দ্ৰনাথ বেনাৰ্জী – ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা।

১৯৮১ – ভূপেশ গুপ্তা – ভাৰতীয় নেতা।

১৯৮২ – এছ কে পটেকাট – বিখ্যাত মালয়ালম সাহিত্যিক।

১৯৮২ – আজিৰ দিনটোতে গোডে মুৰহাৰী – ষষ্ঠ লোকসভাত লোকসভাৰ উপাধ্যক্ষ আছিল।

১৯৯৭ – বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য – এজন অসমীয়া সাহিত্যিক আছিল ।

২০০৩ – ৰবিন বেনাৰ্জী – এজন বিখ্যাত বন্যপ্ৰাণী বিশেষজ্ঞ, পৰিৱেশবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা আছিল।

২০১৮ – আৰ.কে. ধাৱন – ভাৰতীয় ৰাজনীতিবিদ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা আৰু ৰাজ্যসভাৰ সদস্য আছিল।

২০১৯ – সুষমা স্বৰাজ – বিজেপিৰ শীৰ্ষ মহিলা নেত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আৰু দিল্লীৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী।

গুৰুত্বপূৰ্ণ দিন আৰু অনুষ্ঠান:

বিশ্ব স্তনপান দিৱস (সপ্তাহ)

হিৰোচিমা দিৱস

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আজি দিল্লীত বি এছ এল গ্ল’বেল আউটৰিচ ছামিট, অংশ ল’ব মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে
ৰতন টাটা : এ বিকন অৱ ফিলানথ্ৰপি পিভি নৰসিংহ ৰাও স্মৃতি বঁটাৰে সন্মানিত
১ এপ্ৰিলৰ পৰা নতুন আয়কৰ ব্যৱস্থাৰ পৰিৱৰ্তনৰ প্ৰতিবেদন নাকচ কৰিলে চৰকাৰে
দিল্লীৰ বাসভৱনত কন্যা শিশুৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পবিত্ৰ ৰাখীবন্ধন উদযাপন
ভাৰতত নতুনকৈ কৰোনা আক্ৰান্ত ২৪ জন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দক্ষিণ কোৰিয়া, ইউৰোপীয় ইউনিয়ন, জাপানৰ আমেৰিকাৰ সৈতে শুল্ক হ্ৰাস কৰাৰ চুক্তি
Next Article বৰপেটাৰ বহৰিত বিজেপি নেতাৰ ঘৰত চুৰিকাণ্ড-৭২ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ তিনিটাকৈ কুখ্যাত চোৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?