• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পাতত ৩০ ডিচেম্বৰ: ১৯৮৬ চনত ব্ৰিটিছ কয়লা খনিৰ পৰা কেনাৰীৰ প্ৰস্থান
National

ইতিহাসৰ পাতত ৩০ ডিচেম্বৰ: ১৯৮৬ চনত ব্ৰিটিছ কয়লা খনিৰ পৰা কেনাৰীৰ প্ৰস্থান

CliQ INDIA
Last updated: December 30, 2025 2:10 am
CliQ INDIA
Share
5 Min Read
SHARE

১৯৮৬ চনৰ ৩০ ডিচেম্বৰত ব্ৰিটিছ চৰকাৰে কয়লা খনিৰ পৰা ২০০ৰো অধিক কেনাৰী আঁতৰোৱাৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। দশক দশক ধৰি এই হালধীয়া পাখিৰ চৰাইবোৰৰ সহায়ত খনিত বিষাক্ত গেছ ধৰা পেলোৱা হৈছিল।

কয়লা খনিত জুই বা বিস্ফোৰণ হ’লে মানুহৰ বাবে অদৃশ্য কাৰ্বন মনোক্সাইডৰ দৰে ৰংহীন আৰু গন্ধহীন গেছ নিৰ্গত হয়। সেয়েহে কেনাৰীৰ আচৰণৰ পৰিৱৰ্তন বিপদৰ লক্ষণ বুলি গণ্য কৰা হৈছিল।

এই ঘোষণাৰ পূৰ্বে ব্ৰিটেইনৰ প্ৰায় প্ৰতিটো কয়লা খনিতে দুখন কেনাৰী নিয়োগ কৰা হৈছিল। কিন্তু প্ৰযুক্তিগত অগ্ৰগতিৰ লগে লগে চৰকাৰে সেইবোৰ আঁতৰাই বৈদ্যুতিক চালিত গেছ ডিটেক্টৰ লগোৱাৰ সিদ্ধান্ত লয়। এই আধুনিক যন্ত্ৰসমূহক অধিক সঠিক, নিৰাপদ আৰু খৰচ-বহনক্ষম বুলি গণ্য কৰা হৈছিল, যাৰ ফলত খনিকৰসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন আহিছিল।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৬৮৭ – এখন চনদ জাৰি কৰা হয়, য’ত প্ৰতিনিধিত্বমূলক চৰকাৰ স্থাপন কৰা হয়, সু-কাৰ্য্যক্ষম ন্যায়িক ব্যৱস্থা গঢ়ি তোলা হয় আৰু কৰ অধিকাৰ প্ৰদান কৰা হয়। এই চনদৰ অধীনত মাদ্ৰাজৰ প্ৰথম পৌৰ নিগম প্ৰতিষ্ঠা কৰা হয়।

১৭০৩ – আজিৰ দিনটোতে জাপানৰ ৰাজধানী টকিঅ’ত ভূমিকম্পৰ ফলত ৩৭,০০০ লোকৰ মৃত্যু হয়।

১৮০৩ – ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দিল্লী, আগ্ৰা, আৰু ভাৰুচৰ দখল লয়।

১৮০৩ – আজিৰ দিনটোতে ভাৰতৰ দ্বিতীয় মাৰাঠা যুদ্ধৰ প্ৰথম পৰ্যায়ত মাৰাঠা প্ৰধান দৌলত ৰাও সিন্ধিয়া আৰু ব্ৰিটিছ চৰকাৰৰ মাজত সুৰজী অৰ্জুনগাঁও সন্ধি স্বাক্ষৰিত হয়।

১৮৭৩ – আমেৰিকাৰ নিউয়ৰ্কত মেট্ৰ’লজিকেল ছ’চাইটি ফৰ ওজন আৰু পৰিমাপ গঠন কৰা হয়।

১৮৯৩ – ৰাছিয়া আৰু ফ্ৰান্সে সামৰিক চুক্তি স্বাক্ষৰ কৰে।

১৯০৩ – চিকাগোৰ ইৰ’কুইছ থিয়েটাৰত অগ্নিকাণ্ডত ৬০০ৰো অধিক লোকৰ মৃত্যু হয়।

১৯০৬ – ঢাকা (বৰ্তমান বাংলাদেশ)ত সৰ্বভাৰতীয় মুছলিম লীগ প্ৰতিষ্ঠা হয়।

১৯২২ – ৰাছিয়াৰ ৰাজধানী মস্কোৰ বলশ্বোই থিয়েটাৰৰ পৰা আনুষ্ঠানিকভাৱে ছোভিয়েট ইউনিয়ন গঠনৰ কথা ঘোষণা কৰা হয়।

১৯৩৫ – আফ্ৰিকাৰ ইথিওপিয়াত ছুইডেনৰ ৰেড ক্ৰছৰ এটা ইউনিট ইটালীৰ যুদ্ধ বিমানে ধ্বংস কৰে।

১৯৪৩ – আজিৰ দিনটোতে প’ৰ্ট ব্লেয়াৰত স্বাধীনতা সংগ্ৰামী সুভাষ চন্দ্ৰ বসুৱে ভাৰতৰ স্বাধীনতাৰ পতাকা উত্তোলন কৰে।

১৯৪৯ – ভাৰতে চীনক স্বীকৃতি দিয়ে।

১৯৭৫ – আফ্ৰিকাৰ দেশ মাদাগাস্কাৰত সংবিধান কাৰ্যকৰী হয়।

১৯৭৯ – পশ্চিম আফ্ৰিকাৰ দেশ ট’গ’ই সংবিধান গৃহীত কৰে।

১৯৮৬ – ব্ৰিটিছ চৰকাৰে কয়লা খনিত বিষাক্ত গেছৰ উপস্থিতি ধৰা পেলাবলৈ নিয়োজিত ২০০ৰো অধিক কেনাৰী আঁতৰোৱাৰ কথা ঘোষণা কৰে।

১৯৯৬ – গুৱেটামালাত ৩৬ বছৰীয়া গৃহযুদ্ধৰ অন্ত পৰে।

২০০০ – জেনেৰেল ওমৰ-এল-বাছিল পুনৰ চুডানৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়; কলম্বিয়াক বিশ্বৰ আটাইতকৈ হিংসাত্মক আৰু বিপজ্জনক দেশ হিচাপে ঘোষণা কৰা হয়।

২০০১ – লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক মুৰব্বী হাফিজ মহম্মদক পাকিস্তানত গ্ৰেপ্তাৰ কৰা হয়; মাহমুদ আজহাৰ জেলত ভৰ্তি হ’ল।

২০০২ – ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থখন এছেজ টেষ্টত অষ্ট্ৰেলিয়াই জয়লাভ কৰে।

২০০৩ – অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে মেলবৰ্ণ টেষ্টত ৯ উইকেটত জয়লাভ কৰে।

২০০৬ – ইৰাকৰ প্ৰাক্তন একনায়কত্ববাদী ছাদ্দাম হুছেইনক ফাঁচী দিয়া হয়।

২০০৭ – প্ৰয়াত বেনজিৰ ভুট্টোৰ পুত্ৰ বিলোৱাল ভুট্টো পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ নিৰ্বাচিত হয়।

২০০৮ – সূৰ্যশেখৰ গাংগুলীয়ে ৪৬ সংখ্যক ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপত জয়লাভ কৰে।

২০১২ – পাকিস্তানৰ বেলুচিস্তানত আত্মঘাতী আক্ৰমণত ১৯ জন লোকৰ মৃত্যু।

জন্ম

১৮৬৫ – ৰুডিয়াৰ্ড কিপলিং – নোবেল বঁটা বিজয়ী ব্ৰিটিছ লেখক আৰু কবি।

১৮৭৯ চনৰ আজিৰ দিনটোতে ৰমনা মহৰ্ষি – ২০ শতিকাৰ এগৰাকী মহান সাধু আৰু সমাজকৰ্মী।

১৯০২ – আচাৰ্য ৰঘুবীৰ – এজন মহান ভাষাবিদ, প্ৰখ্যাত পণ্ডিত, ৰাজনৈতিক নেতা, ভাৰতীয় ঐতিহ্যৰ পণ্ডিত।

১৯১৭ – ভাই মোহন সিং – ভাৰতীয় প্ৰখ্যাত উদ্যোগপতি, ঔষধ কোম্পানী ৰণবেক্সীৰ প্ৰতিষ্ঠাপক।

১৯২৩ – প্ৰকাশবীৰ শাস্ত্ৰী – লোকসভাৰ সদস্য, সংস্কৃত পণ্ডিত, আৰ্য সমাজৰ নেতা।

১৯৩৫ – মেনুৱেল এৰন – প্ৰথম ভাৰতীয় দবা মাষ্টাৰ।

১৯৪৪ – বেদ প্ৰতাপ বৈদিক – ভাৰতৰ প্ৰখ্যাত ৰাজনৈতিক বিশ্লেষক, জ্যেষ্ঠ সাংবাদিক, আৰু হিন্দী প্ৰেমী।

১৯৫০ – হনুমপ্পা সুদৰ্শন – প্ৰখ্যাত সমাজকৰ্মী।

১৯৭৫ – আমেৰিকাৰ কেলিফৰ্ণিয়াত অন্যতম শ্ৰেষ্ঠ গলফাৰ হিচাপে গণ্য কৰা টাইগাৰ উডছৰ জন্ম হয়।

মৃত্যু

১৭০৬ – মাৰ্টিন – পুডুচেৰীৰ প্ৰতিষ্ঠাপক আৰু গৱৰ্ণৰ জেনেৰেল।

১৯৬৮ – ট্ৰাইগভ লাই – প্ৰখ্যাত শ্ৰমিক নেতা, ৰাজ্যিক বিষয়া, নৰৱেৰ ৰাজনীতিবিদ আৰু সুপৰিচিত লেখক।

১৯৭১ – বিক্ৰম সাৰাভাই – প্ৰখ্যাত বিজ্ঞানী।

১৯৭৫ চনত দুষ্যন্ত কুমাৰ – হিন্দী কবি আৰু গজল সাহিত্যিক।

১৯৯০ – ৰঘুবীৰ সহায় – হিন্দী সাহিত্যিক আৰু সাংবাদিক।

২০০৯ – আজিৰ দিনটোতে ৰাজেন্দ্ৰ অৱস্থী – ভাৰতৰ বিখ্যাত সাহিত্যিক, সাংবাদিক আৰু ‘কদম্বিনী পত্ৰিকা’ৰ সম্পাদক।

২০১৪ – জে বি মৰাইশ – কংকনী কবি আৰু সাহিত্যিক।

২০১৮ – মৃণাল সেন – বিখ্যাত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু পৰিচালক।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

ভূটানলৈ দুদিনীয়া ৰাজকীয় ভ্ৰমণৰ বাবে ৰাওনা প্ৰধানমন্ত্ৰী মোডী
শুকুৰবাৰৰ পৰা জে পি নড্ডাৰ তিনিদিনীয়া হিমাচল ভ্ৰমণ
বিশিষ্ট শাস্ত্ৰীয় গায়ক পণ্ডিত ছন্নুলাল মিশ্ৰৰ দেহাৱসান
৯ মাৰ্চৰ পৰা যন্তৰ মন্তৰত ই পি এছ-৯৫ পেঞ্চনাৰৰ দেশজোৰা প্ৰতিবাদ: সৰ্বনিম্ন পেঞ্চন বৃদ্ধিৰ দাবী
এচআইআৰ বিষয়ক লৈ সংসদত বিৰোধীৰ হুলস্থুলৰ সৃষ্টি, কাম কাজ স্তব্ধ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নেপালঃ প্ৰতিনিধি সদনত ১১০ জন আনুপাতিক সাংসদৰ নিৰ্বাচনৰ চূড়ান্ত তালিকা দাখিলৰ অন্তিম সময় সমাপ্ত
Next Article জুৱাৰ মেলা পাতিছে বৰপেটাৰ খৰুৱাপাৰাত
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?