বৰ্ষ ১৯৪৬ৰ ১১ ডিচেম্বৰৰ আজিৰ দিনটোতে ইউনিচেফ (UNICEF) নামৰ প্ৰতিষ্ঠিত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠিত সংস্থাটো প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰথম অৱস্থাত ইয়াৰ নাম আছিল ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শিশু জৰুৰীকালীন পুঁজি ((United Nations International Children’s Emergency Fund))। দ্বিতীয় বিশ্বযুদ্ধৰ বিধ্বংসী প্ৰভাৱৰ মাজত ইয়াৰ প্ৰধান উদ্দেশ্য আছিল ইউৰোপ আৰু অন্যান্য আক্ৰান্ত অঞ্চলৰ শিশু আৰু মাতৃসকলক খাদ্য, ঔষধ আৰু অত্যাৱশ্যকীয় স্বাস্থ্য সেৱা প্ৰদান কৰা।
সময়ৰ লগে লগে এই সংস্থাটোৱে বিশ্বজুৰি শিশুৰ অধিকাৰ, শিক্ষা, সুৰক্ষা, পুষ্টি আৰু বিকাশৰ সৰ্ববৃহৎ ৰক্ষক হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ মিছন বহল কৰিবলৈ ইয়াৰ নাম সলনি কৰি ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি (United Nations Children’s Fund) কৰা হয় যদিও আজিও ইউনিচেফৰ সংক্ষিপ্ত ৰূপটো ব্যৱহাৰ কৰা হয়।
আজি ইউনিচেফে ১৯০ খনতকৈও অধিক দেশত সক্ৰিয় হৈ আছে আৰু প্ৰতিটো শিশুৰ জীৱন, শিক্ষা, সুৰক্ষা, আৰু সুযোগ সংৰক্ষণৰ বাবে কাম কৰে। যুদ্ধ, মহামাৰী, দুৰ্যোগ বা যিকোনো মানৱীয় সংকটৰ সময়ত শিশুৰ ভৱিষ্যত ৰক্ষা কৰাটো ইয়াৰ অগ্ৰাধিকাৰ হৈয়েই আছে।
গুৰুত্বপূৰ্ণ পৰিঘটনা
১৬৮৭ – ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মাদ্ৰাজ (ভাৰত)ত পৌৰ নিগম প্ৰতিষ্ঠা কৰে।
১৮৪৫ – প্ৰথম এংলো-শিখ যুদ্ধ আৰম্ভ হয়।
১৮৫৮ – বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু যদুনাথ বসুৱে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাৰ প্ৰথম স্নাতক হয়।
১৯৩৭ – ইউৰোপীয় দেশ ইটালীয়ে লীগ অৱ নেচনৰ পৰা আঁতৰি যায়।
১৯৪১ – জাৰ্মানী আৰু ইটালীয়ে আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এই ঘোষণা প্ৰথমে ইটালীৰ শাসক বেনিটো মুছলিনীয়ে আৰু তাৰ পিছত জাৰ্মান একনায়কত্ববাদী এডলফ হিটলাৰে কৰিছিল।
১৯৪৬ – ড° ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতৰ সংবিধান সভাৰ সভাপতি নিৰ্বাচিত হয়।
১৯৪৬ – ইউৰোপীয় দেশ স্পেইনক ৰাষ্ট্ৰসংঘৰ পৰা নিলম্বিত কৰা হয়।
১৯৪৬ – ৰাষ্ট্ৰসংঘৰ ইউনিচেফ প্ৰতিষ্ঠা হয়।
১৯৪৯ – আজিৰ দিনটোতে নাগপুৰৰ এখন মল্লযুঁজ প্ৰতিযোগিতাত খাছাবা জাধৱে মাত্ৰ পাঁচ মিনিটতে প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে।
১৯৬০ – শিশুৰ বিকাশৰ কামত নিয়োজিত আন্তঃৰাষ্ট্ৰীয় সংস্থা ইউনিচেফৰ সন্মানত ১৫ নয়া পইচাৰ বিশেষ ডাকটিকট জাৰি কৰা হয়।
১৯৮৩ – জেনেৰেল এইচ.এম. এৰশ্বাদে নিজকে বাংলাদেশৰ ৰাষ্ট্ৰপতি ঘোষণা কৰিলে।
১৯৯৪ – তেতিয়াৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি বৰিছ য়েলচিনে চেচেন বিদ্ৰোহীক আক্ৰমণ কৰি তেওঁলোকৰ ভূখণ্ডলৈ সৈন্য প্ৰেৰণ কৰে।
১৯৯৭ – বিশ্বৰ দেশসমূহে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰিবলৈ সন্মত হয়।
১৯৯৮ – ২৩ সংখ্যক কায়ৰো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তামিল ছবি টেৰ’ৰিষ্টত অভিনয় কৰা আয়েছা ধৰ্কৰে জুৰীৰ শ্ৰেষ্ঠ অভিনয়ৰ সন্মান লাভ কৰে।
২০০২ – স্পেইনৰ নৌসেনাই আৰব সাগৰত স্কুড মিছাইল ভৰ্তি উত্তৰ কোৰিয়াৰ এখন জাহাজ জব্দ কৰে।
২০০৩ – মেৰিডাত ৭৩খন দেশে প্ৰথম দুৰ্নীতি বিৰোধী চুক্তি স্বাক্ষৰ কৰে।
২০০৭ – উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত ৫০ বছৰৰ পাছত পুনৰ ৰেল সেৱা আৰম্ভ হয়।
২০১৪ চনৰ ১১ ডিচেম্বৰত ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোডীৰ উদ্যোগত ৰাষ্ট্ৰসংঘত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অনুমোদন লাভ কৰে ৰাষ্ট্ৰসংঘই।
জন্ম
১৮১০ – আলফ্ৰেড ডমোজ – বিখ্যাত ফৰাচী লেখক আৰু কবি, জন্ম পেৰিছত।
১৮৮২ – আজিৰ দিনটোতে সুব্ৰমণীয়া ভাৰতী – তামিল কবি।
১৮৯২ -অযোধ্যানাথ খোছলা – ভাৰতীয় ৰাজনীতিবিদ আৰু অভিযন্তা।
১৯২২ – দিলীপ কুমাৰ – হিন্দী চলচ্চিত্ৰ অভিনেতা।
১৯৩১ – অশো ৰজনীশ – ধৰ্মীয় কৰ্মী।
১৯৩৪ – চেলিম দুৰানী – ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেট অল-ৰাউণ্ডাৰ, আফগান মূলৰ।
১৯৩৫ – প্ৰণৱ মুখাৰ্জী ভাৰতৰ বৈদেশিক পৰিক্ৰমা আৰু বিত্ত মন্ত্ৰী আৰু ২০১২ চনৰ ২৫ জুলাইৰ পৰা ৰাষ্ট্ৰপতি।
১৯৪২ – আনন্দ শংকৰ – ভাৰতীয় গীতিকাৰ আৰু সংগীতজ্ঞ।
১৯৬৯ – বিশ্বনাথন আনন্দ – ভাৰতীয় দবা খেলুৱৈ।
১৯৬৯ – জ্যোতিৰ্ময় ছিকদাৰ – ভাৰতৰ অন্যতম বিখ্যাত মহিলা স্প্ৰিণ্টাৰ।
১৯৮০ – অনিল কুমাৰ মান – বিখ্যাত ভাৰতীয় মল্লযুঁজাৰু।
মৃত্যু
১৯৩৮ – জগত নাৰায়ণ মল্ল – তেওঁৰ সময়ত উত্তৰ প্ৰদেশৰ বিখ্যাত অধিবক্তা আৰু জনসংযোগী।
১৯৪৯ – কৃষ্ণচন্দ্ৰ ভট্টাচাৰ্য – হিন্দু দৰ্শন অধ্যয়ন কৰা বিখ্যাত দাৰ্শনিক।
১৯৬৭ – মেহৰচন্দ মহাজন – ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ তৃতীয় ন্যায়াধীশ।
১৯৮৩ – বিনায়ক আচাৰ্য – ওড়িশাৰ নৱম মুখ্যমন্ত্ৰী।
১৯৮৮ – নগেন্দ্ৰ সিং – ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত।
১৯৯৮ – কবি প্ৰদীপ – বিখ্যাত কবি আৰু গীতিকাৰ।
২০০৪ – এম. এছ সুব্বুলক্ষ্মী-কৰ্ণাটক সংগীতৰ প্ৰসিদ্ধ গায়িকা তথা অভিনেত্ৰী
২০১২ – ৰবি শংকৰ – ভাৰত ৰত্ন বঁটা বিজয়ী, বিখ্যাত চিতাৰবাদক।
২০১৭ – সুনীতা জৈন – আধুনিক হিন্দী আৰু ইংৰাজী চুটিগল্প লেখিকা আৰু ঔপন্যাসিক।
গুৰুত্বপূৰ্ণ দিৱস
সৰ্বভাৰতীয় হস্তশিল্প সপ্তাহ (৮-১৪ ডিচেম্বৰ)
বায়ু সুৰক্ষা দিৱস (সপ্তাহ)
ইউনিচেফ দিৱস (বিশ্ব শিশু পুঁজি দিৱস)
हिन्दुस्थान समाचार / অৰৱিন্দ
