• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পাতত ০৯ ছেপ্টেম্বৰঃ ১৯৪৯ চনত হিন্দী ভাষাই লাভ কৰিছিল ৰাষ্ট্ৰীয় স্বীকৃতি
National

ইতিহাসৰ পাতত ০৯ ছেপ্টেম্বৰঃ ১৯৪৯ চনত হিন্দী ভাষাই লাভ কৰিছিল ৰাষ্ট্ৰীয় স্বীকৃতি

CliQ INDIA
Last updated: September 8, 2025 12:25 pm
CliQ INDIA
Share
7 Min Read
SHARE

ভাৰতৰ স্বাধীনতাৰ পাছত দেশৰ ৰাজনীতি আৰু প্ৰশাসন উভয়ৰে বাবে ভাষাৰ প্ৰশ্নটো আছিল অন্যতম গুৰুত্বপূৰ্ণ বিষয়। ১৯৪৮ চনৰ ০৯ ছেপ্টেম্বৰত কেন্দ্ৰীয় বিধানসভাত হিন্দীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। এই সংকল্পই স্বাধীন ভাৰতত ভাষাৰ ভেটি স্থাপন কৰি ভৱিষ্যতে চৰকাৰী ভাষা নীতিৰ বাট মুকলি কৰি দিলে।

তাৰ ঠিক এবছৰৰ পাছত ১৯৪৯ চনৰ ০৯ ছেপ্টেম্বৰত ভাৰতৰ সংবিধান সভাই হিন্দীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰে। দেশখন বহুভাষিক আৰু প্ৰতিখন ৰাজ্যৰ নিজস্ব ভাষিক পৰিচয় থকাৰ বাবে সংবিধান সভাত এই বিষয়ত দীৰ্ঘদিনীয়া বিতৰ্ক চলিছিল। হিন্দীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰাৰ সমান্তৰালকৈ দেৱনাগৰী লিপিকো আনুষ্ঠানিক কৰি তোলা হ’ল।

সংবিধানৰ ৩৪৩ নং অনুচ্ছেদত কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী ভাষা হিন্দী হোৱাৰ ব্যৱস্থা কৰা হৈছিল, আনহাতে ইংৰাজীৰ ব্যৱহাৰ সংক্ৰমণকালৰ বাবে চলি থাকিব। ভাৰতীয় ভাষিক ঐক্য আৰু প্ৰশাসনিক সুবিধা দুয়োটাকে মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছিল।

এই দিনটোক ভাৰতীয় ভাষা আন্দোলনৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়, কিয়নো ই হিন্দীক কেৱল সাধাৰণ ভাষাৰ পৰা সমগ্ৰ ৰাষ্ট্ৰৰ চৰকাৰী ভাষাৰ মৰ্যাদালৈ উন্নীত কৰিছিল।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৭৭৬ – আমেৰিকাৰ সংসদ কংগ্ৰেছে আনুষ্ঠানিকভাৱে দেশখনৰ নাম ‘ইউনাইটেড কলনীজ’ৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ সলনি কৰে।

১৮৫০ – কেলিফৰ্ণিয়া আমেৰিকাৰ ৩১ সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হয়।

১৮৬৭ – ইউৰোপীয় দেশ লাক্সেমবাৰ্গে স্বাধীনতা লাভ কৰে।

১৯১৫ – আজিৰ দিনটোতে উৰিষ্যাৰ কাপটেৱাড়াত বিখ্যাত ভাৰতীয় বিপ্লৱী শচীন্দ্ৰনাথ সন্যাল আৰু ইংৰাজৰ মাজত সংঘাতৰ সৃষ্টি হয়।

১৯২০ – আলিগড়ৰ এংলো অৰিয়েণ্টেল কলেজ ‘আলিগড় মুছলিম বিশ্ববিদ্যালয়’লৈ ৰূপান্তৰিত হয়।

১৯২৪ – ০৯ ছেপ্টেম্বৰৰ পৰা ১১ ছেপ্টেম্বৰলৈ ভাৰতত কোহাট সংঘৰ্ষ সংঘটিত হয়।

১৯৩৯ – দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী সৈন্যই ভাৰ্চাইলত উপস্থিত হয়।

১৯৪৮ – ভাৰতৰ স্বাধীনতাৰ পিছত কেন্দ্ৰীয় বিধানসভাত হিন্দীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰাৰ প্ৰস্তাৱ গৃহীত হয়।

১৯৪৯ – আজিৰ দিনটোতে ভাৰতীয় সংবিধান সভাই হিন্দীক চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰে।

১৯৫৪ – আফ্ৰিকাৰ দেশ আলজেৰিয়াত হোৱা ভূমিকম্পত ১৪০০ লোকৰ মৃত্যু হয়।

১৯৬৫ – তিব্বত চীনৰ স্বায়ত্তশাসিত অঞ্চল হিচাপে পৰিগণিত হয়।

১৯৬৭ – উগাণ্ডা ব্ৰিটেইনৰ পৰা স্বাধীন হয়।

১৯৭৬ – মাও চে টুঙৰ মৃত্যু হয় আৰু কুও ফেং ৰাষ্ট্ৰপতি হয়।

১৯৭৯ – যোগেন্দ্ৰনাথ হাজৰিকাই মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰে।

১৯৯১ – তাজিকিস্তানে ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা লাভ কৰে।

১৯৯৮ – স্বতন্ত্ৰ অধিবক্তা কেনেথ ষ্টাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টন আৰু মনিকা লেউইনস্কিৰ গোচৰৰ ওপৰত তেওঁৰ বহু চৰ্চিত প্ৰতিবেদন কংগ্ৰেছলৈ প্ৰেৰণ কৰে।

১৯৯৯ – ভাৰতৰ মহেশ ভূপতি আৰু জাপানৰ আৰ্ক সুগিয়ামাৰ যুটিয়ে ইউ এছ অ’পেন মিক্সড ডাবলছৰ খিতাপ দখল কৰে।

২০০১ – ভেনাছ উইলিয়ামছে গ্ৰেণ্ড শ্লেমৰ ফাইনেলত তেওঁৰ কনিষ্ঠ ভগ্নী ছেৰেনাক পৰাস্ত কৰে।

২০০২ – পিট চাম্প্ৰাছে আন্দ্ৰে আগাছিক পৰাস্ত কৰি ইউ এছ অ’পেন টেনিছ খিতাপ দখল কৰে।

২০০৪ – পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰী আহমেদ কুৰেইয়ে পদৰ পৰা পদত্যাগ কৰে।

২০০৫ – চীনৰ বেইজিঙৰ চাওয়াং পাৰ্কত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়।

২০০৬ – ইজৰাইলৰ লেবাননত আঠ সপ্তাহজোৰা নৌসেনাৰ অৱৰোধৰ অন্ত পৰে আন্তৰ্জাতিক হেঁচাত।

২০০৬ – আমেৰিকাৰ ফ্ল’ৰিডা ৰাজ্যৰ কেপ কানাভেৰাল মহাকাশ কেন্দ্ৰৰ পৰা মহাকাশযান আটলাণ্টিছে মহাকাশলৈ উৰা মাৰে।

২০০৭ – ভেনিচ চলচ্চিত্ৰ মহোৎসৱত হলিউডৰ অভিনেতা ব্ৰেড পিটক শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আৰু কেট ব্লেনচেটক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়।

২০০৮ – আজিৰ দিনটোতে বিশিষ্ট হিন্দী সাহিত্য সাহিত্যিক তথা জনবক্তা ড০ অৰ্জুন্দস কেশৰীক ‘সাহিত্য মহোপাধ্যায়’ সজ্জাৰে সন্মানিত কৰা হ’ব বুলি ঘোষণা কৰা হয়।

২০০৮ – উচ্চতম ন্যায়ালয়ে চিবিআইক পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশ নিৰ্মল যাদৱ আৰু নিৰ্মল জীত কৌৰক ১৫ লাখ টকাৰ উৎকোচ গোচৰত জেৰা কৰিবলৈ অনুমতি দিয়ে।

২০০৯ – ৰে’ল মন্ত্ৰালয়ে গৃহ মন্ত্ৰালয়ৰ লাইনত নিজৰ কৰ্মচাৰীসকলৰ বাবে বায়’মেট্ৰিক চিনাক্তকৰণ ব্যৱস্থা প্ৰৱৰ্তনৰ কথা ঘোষণা কৰে।

২০১০ – ‘দাদা চাহেব ফালকে বঁটা’ দিয়াৰ সিদ্ধান্ত লোৱা হয়।

২০১১ – পুৰাতত্ত্ববিদসকলে এটা ধ্বংসাৱশেষ আৱিষ্কাৰ কৰে। প্ৰায় ২০ লাখ বছৰ আগতে পৃথিৱীত পোৱা মানুহৰ আটাইতকৈ পুৰণি পূৰ্বপুৰুষ। দেখাত বান্দৰৰ দৰে আৰু ইয়াৰ নাম ‘Australopithecus sediba’।

২০১১ – বিজ্ঞানীসকলে অটিজিমৰ সৈতে জড়িত দুটা ভিন্ন জৈৱিক চাপৰ কাৰণ আৱিষ্কাৰ কৰে, যাৰ ফলত এই ৰোগৰ ফলপ্ৰসূ চিকিৎসাৰ বিকাশ ঘটিব বুলি তেওঁলোকে দাবী কৰে।

২০১২ – ইৰাকত সংঘটিত বোমা আক্ৰমণত এশৰো অধিক লোক নিহত, ৩৫০ জন আহত।

জন্ম

১৮২৮ – লিঅ’ টলষ্টয় – মহান ৰাছিয়ান ঔপন্যাসিক।

১৮৫০ – আজিৰ দিনটোতে ভাৰতেন্দু হৰিশচন্দ্ৰ – বিখ্যাত হিন্দী সাহিত্যিক আৰু নাট্যকাৰ।

১৮৭৪ – আজিৰ দিনটোতে গোপাল চন্দ্ৰ প্ৰহাৰজ – উড়িয়া ভাষাৰ বিখ্যাত সাহিত্যিক আৰু ভাষাবিদ।

১৮৮০ – আজিৰ দিনটোতে অৰ্জুন লাল ছেঠী – ভাৰতৰ অন্যতম স্বাধীনতা সংগ্ৰামী।

১৮৯৪ – আজিৰ দিনটোতে হামিদুল্লা খান – ভাৰতৰ ভূপাল ৰাজ্যৰ শেষ নবাব।

১৯০৫ – হুছেইন শ্বাহ – ভাৰতীয় দাৰ্শনিক।

১৯০৭ – মেহবুব খান – ভাৰতীয় চিনেমা ইতিহাসৰ আগশাৰীৰ প্ৰযোজক-পৰিচালক।

১৯০৮ – ব্রিজ ভান – ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী।

১৯০৯ – লীলা চিটনিছ – বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী।

১৯৩২ – কান্তি কুমাৰ জৈন – বিখ্যাত হিন্দী সাহিত্যিক।

১৯৪২ – মণি মধুকৰ – বিখ্যাত সাহিত্যিক।

১৯৬৭ – অক্ষয় কুমাৰ – বলীউডৰ বিখ্যাত অভিনেতা।

১৯৭৪ – বিক্ৰম বাতৰা – ভাৰতীয় সৈনিক।

১৯৭৮ – জ্যোতি সুনীতা কুল্লু – ভাৰতৰ সুপৰিচিত মহিলা হকী খেলুৱৈ।

১৯৯৮ – তুলিকা মান – ভাৰতৰ জুডো খেলুৱৈ।

মৃত্যু

১৯২১ – আকবৰ এলাহাবাদী – হিন্দুস্তানী ভাষা আৰু হিন্দুস্তানী সংস্কৃতিৰ এজন অতি শক্তিশালী আৰু সাহসী কবি।

১৯৪৭ – আনন্দ কুমাৰ স্বামী – ভাৰতৰ সুপৰিচিত শিল্প ৰসিক আৰু চিন্তাবিদ।

১৯৬৮ – আজিৰ দিনটোতে ৰামবৃক্ষ বেনিপুৰী – ভাৰতৰ বিখ্যাত ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ, নাট্যকাৰ, বিপ্লৱী, সাংবাদিক আৰু সম্পাদক।

১৯৮০ – সদাশিৱ ত্ৰিপাঠী – ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ আৰু উৰিষ্যাৰ ৫ম মুখ্যমন্ত্ৰী।

১৯৮১ – লালা জগত নাৰায়ণ – বিখ্যাত সাংবাদিক আৰু হিন্দ সমাচাৰ গোটৰ প্ৰতিষ্ঠাপক।

১৯৮২ – শ্বেখ আব্দুল্লা – কাশ্মীৰৰ নেতা।

১৯৯৯- যোগেশ দাস – অসমীয়া ভাষাৰ অন্যতম বিখ্যাত সাহিত্যিক।

২০১২- ভাৰ্গেজ কুৰিয়েন – বিখ্যাত উদ্যোগপতি আৰু শ্বেত বিপ্লৱৰ পিতৃ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

পাকিস্তানৰ গুলীচালনাত আহত দুজন বি এছ এফৰ জোৱান
(কেবিনেট) পি এম স্বনিধি যোজনাৰ পুনৰ্গঠন আৰু ঋণৰ সময়সীমা বৃদ্ধিৰ অনুমোদন
আজি ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰদান কৰিব পঞ্চম ৰাষ্ট্ৰীয় জল বঁটা | BulletsIn
বিহাৰৰ কাটিহাৰ পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী বিবাহ যাত্ৰী | BulletsIn
অনুপ্ৰৱেশ আৰু নিৰাপত্তা ত্বৰান্বিত কৰাৰ বাবে ডিজাইন মডেলৰ বিষয়ে আলোচনা কৰিবলৈ জ্যোতিৰাদিত্যৰ বৈঠক

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ শেহতীয়া আক্ৰমণৰ ফলত আমেৰিকাত আলোড়ন, ট্ৰাম্পে ল’ব পাৰে বৃহৎ সিদ্ধান্ত
Next Article মণিপুৰৰ শান্তিৰ দিশত যাত্ৰা: সংঘাতৰ পৰা সংযোগলৈ | BulletsIn
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?