– কেইবা ঘণ্টা ধৰি পৰীক্ষাৰ অন্তত চাৰিওজন ক্ৰু মেম্বাৰ আই এছ এছত প্ৰৱেশ
নতুন দিল্লী, ২৬ জুন (হি.স.)। নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা মহাকাশলৈ প্ৰেৰণ কৰা স্পেচএক্স ড্ৰেগন কেপচুল নিৰ্ধাৰিত সময়ৰ ২০ মিনিট পূৰ্বে বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত উপস্থিত হয়। এই প্ৰক্ৰিয়াটো লেজাৰ চেন্সৰ, কেমেৰা আৰু অটোমেটিক চিষ্টেমৰ সহায়ত কৰা হৈছিল। এই অভিযান ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই পৰিচালনা কৰিছিল। বায়ু লিকেজ আৰু চাপৰ স্থিৰতাৰ দীৰ্ঘ পৰীক্ষণৰ অন্তত ক্ৰু সদস্যসকলে আই এছ এছত প্ৰৱেশ কৰে। চাৰিওজন মহাকাশচাৰীয়ে ১৪ দিন তাত থাকি পৃথিৱীলৈ উভতিব।
বৃহস্পতিবাৰে ভাৰতীয় সময় অনুসৰি দিনৰ ১২:০১ বজাত ফ্ল’ৰিডাৰ নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ) অভিমুখে উৰণৰ পিছত এই মহাকাশযানখনে ৪১৮ কিলোমিটাৰ উচ্চতাত পৃথিৱীখনক প্ৰদক্ষিণ কৰি আছে। উৎক্ষেপণৰ পিছৰে পৰা প্ৰায় ২৮ ঘণ্টাৰ যাত্ৰা সম্পূৰ্ণ কৰি গন্তব্য স্থানত উপস্থিত হৈছে। ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ মহাকাশচাৰীক এক্স-৪ ক্ৰুত মহাকাশলৈ প্ৰেৰণ কৰা হৈছে। গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা পাইলট হিচাপে এই অভিযানৰ সৈতে জড়িত, আনহাতে অভিজ্ঞ মহাকাশচাৰী পেগী হুইটছনে এক্সিয়াম-৪ অভিযানৰ কমাণ্ড কৰি আছে। আন দুজন সদস্য হ’ল হাংগেৰীৰ টিবৰ কাপু আৰু পোলেণ্ডৰ মহাকাশচাৰী স্লাভ’জ উজনানস্কি।
এক্সিয়াম-৪ অভিযানৰ সফলতা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে মাত্ৰ ডকিং কৰা হৈছে। তাত যিবোৰ পৰীক্ষা-নিৰীক্ষা কৰিবলৈ লোৱা হৈছে, সেইবোৰৰ বাবে সামগ্ৰী ভাৰতত বিকশিত কৰা হৈছে, গতিকে সেয়া হৈছে আত্মনিৰ্ভৰ ভাৰত। তাৰ পৰা যিবোৰ পৰীক্ষা-নিৰীক্ষা কৰা হ’ব, যিবোৰ ফলাফল ওলাব, সেইবোৰ আন দেশৰ বাবেও উপযোগী হ’ব, গতিকে সেয়া হৈছে বিশ্ববন্ধু ভাৰত৷ এই সকলোবোৰ প্ৰক্ৰিয়াত ভাৰতে এতিয়া যিদৰে আগভাগ ল’বলৈ আৰম্ভ কৰিছে, সেয়া হৈছে উন্নত ভাৰত। মই ভাবো এইটো বিশ্বৰ বাবে এক অতি বিশাল লক্ষণ আৰু ই বিশ্বৰ সন্মুখত ভাৰতৰ ভাবমূর্তি সলনি কৰি দিছে৷ তেওঁ কয় যে যোৱা এক-দুবছৰত অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত মহাকাশ অধ্যয়নৰ প্ৰতি যথেষ্ট আগ্ৰহ দেখা গৈছে। ইছৰোৱে অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ বাবে গ্ৰীষ্মকালীন প্ৰশিক্ষণ প্ৰদান কৰে। হাজাৰ হাজাৰ আবেদন আহে। এয়া আমাৰ সফল পৰীক্ষাৰ ফল।
এয়াৰ ফৰ্চ গ্ৰুপৰ কেপ্তেইন তথা মহাকাশচাৰী শুভাঞ্চু শুক্লাৰ মাতৃ আশা শুক্লাই ডকিং সফল হোৱা বুলি জানিবলৈ দিয়ে। তেওঁ কয় এয়া বৰ গৌৰৱৰ বিষয়। সকলোৰে বাবে ভাল। আমি বৰ সুখী, আমি প্ৰতিদিনে প্ৰাৰ্থনা কৰিছিলো। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে তেওঁলোকে নিজৰ কৰ্তব্য ভালদৰে পালন কৰে আৰু নিৰাপদে পৃথিৱীলৈ ঘূৰি আহে। ইয়াৰ কৃতিত্ব কেৱল মোৰ ল’ৰা আৰু তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে। শুভাংশু শুক্লাৰ পিতৃ শম্ভু দয়াল শুক্লাই কয় যে আমি অতি সুখী। সফল ডকিঙৰ বাবে আমি ভগৱানক ধন্যবাদ জনাইছো। এইটো দেখি আমাৰ বৰ ভাল লাগিল। আমাৰ সন্তানক লৈ আমি গৌৰৱান্বিত।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
