নতুন দিল্লী, ০৩ জানুৱাৰী (হি.স.)। আজি উচ্চতম ন্যায়ালয়ে আদানী-হিণ্ডেনবাৰ্গ গোচৰৰ তদন্তৰ দাবী এছআইটি বা চিবিআইৰ দ্বাৰা নাকচ কৰে। আদালতে কয় যে ছেবিৰ তদন্তক লৈ সন্দেহৰ কোনো কাৰণ নাই। নিয়ন্ত্ৰক সংস্থা ছেবিৰ কাম-কাজত আদালতে হস্তক্ষেপ কৰিব নোৱাৰে। বাকী দুটা গোচৰৰ তিনি মাহৰ ভিতৰত তদন্ত কৰিবলৈ ছেবিক নিৰ্দেশ দিয়ে আদালতে।
উচ্চতম ন্যায়ালয়ে কয় যে এই গোচৰৰ কোনো তৃতীয় পক্ষৰ তদন্তক পৰীক্ষা নকৰাকৈ বিশ্বাস কৰিব নোৱাৰি। ভাৰতীয় বিনিয়োগকাৰীৰ স্বাৰ্থ ৰক্ষাৰ বাবে আদালতে গঠন কৰা কমিটীৰ পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিব লাগে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ছেবিক হিণ্ডেনবাৰ্গৰ দুয়োখন প্ৰতিবেদনতে শ্বৰ্ট চেলিঙৰ অভিযোগৰ তদন্ত কৰি কোনো আইন উলংঘা কৰা হৈছে নেকি সেইটো জানিবলৈ কয়।
সংবাদ মাধ্যমৰ পৰা অহা তদন্তমূলক বাতৰি বা কোনো সংগঠনৰ প্ৰতিবেদনক ছেবিৰ বাবে নিৰ্ভৰযোগ্য প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি স্পষ্ট কৰি দিছে দেশৰ সৰ্ববৃহৎ আদালতে। সাধাৰণ নাগৰিকৰ সমস্যা সমাধানৰ বাবে পিআইএল আৰম্ভ কৰা হৈছিল যদিও অবিশ্বাস্য বাতৰিৰ ভিত্তিত পিআইএল কৰা উচিত নহয় বুলিও আদালতে কয়। ২৪ নৱেম্বৰত এই সিদ্ধান্ত সংৰক্ষিত কৰি ৰাখিছিল আদালতে। আজি ৰায়দান কৰা বিচাৰপীঠত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ উপৰিও ন্যায়াধীশ জে বি পাৰদীৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰ অন্তৰ্ভুক্ত আছিল।
হিন্দুস্থান সমাচাৰ/সঞ্জয়/মনোজ
