নতুন দিল্লী, ২৫ আগষ্ট (হি.স.)। সোমবাৰৰ পৰা দুদিনীয়াকৈ গুজৰাট কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই সময়ছোৱাত তেওঁ ৫৪০০ কোটিতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আৰম্ভ কৰিব। আজি সন্ধিয়া এখন ৰাজহুৱা সভাতো ভাষণ দিব।
প্ৰধানমন্ত্ৰী মোদীয়ে অহা ২৫-২৬ আগষ্টত গুজৰাট ভ্ৰমণত আহমেদাবাদ, গান্ধীনগৰ আৰু মেহছানাত মুঠ ৫৪০০ কোটি টকাৰ উন্নয়নমূলক কাম-কাজৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি আজি সন্ধিয়া ৬ বজাত আহমেদাবাদত উপস্থিত হ’ব, য’ত তেওঁ ৰোড শ্ব’ কৰিব। ইয়াৰ পিছত নিকোল অঞ্চলৰ খোদালধাম খেলপথাৰত আয়োজিত জনসভাত ভাষণ দিব। গান্ধীনগৰ ৰাজ ভৱনত নিশা থাকিব প্ৰধানমন্ত্ৰী।
ভ্ৰমণৰ অন্তিম দিনা ২৬ আগষ্টত পুৱা প্ৰায় ১০.৩০ বজাত আহমেদাবাদৰ হান্সালপুৰত হাইব্ৰিড বেটাৰী ইলেক্ট্ৰ’ডৰ স্থানীয় উৎপাদন উদ্বোধন কৰাৰ লগতে ১০০খন দেশলৈ বেটাৰী বৈদ্যুতিক বাহন ৰপ্তানিৰ ফ্লেগ অফ কৰিব। তেওঁ ১৪০০ কোটিতকৈ অধিক মূল্যৰ ৰে’ল প্ৰকল্প দেশৰ বাবে উৎসৰ্গা কৰিব। ইয়াৰ ভিতৰত ৫৩০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে ৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মহেছানা-পালনপুৰ ৰে’লপথ, ৮৬০ কোটিতকৈ অধিক ব্যয়ৰ ৩৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ কালোল-কাদি-কাটোছান ৰোড ৰে’লপথ দ্বৈতকৰণ আৰু ৪০ কিলোমিটাৰ বেচৰাজী-ৰানুজ ৰে’লপথৰ গেজ ৰূপান্তৰ।
দুদিনীয়া এই ভ্ৰমণ সমাপ্ত কৰি অহা ২৬ আগষ্টৰ বিয়লি আহমেদাবাদৰ পৰা দিল্লী অভিমুখে ৰাওনা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
