
নতুন দিল্লী, ২৫ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ প্ৰথমে পুৱা ভাৰ্চুৱেলি সংসদ ক্ৰীড়া মহোৎসৱত যোগদান কৰিব। পিছত বিয়লি তেওঁ উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল উদ্বোধন কৰিব। ৰাষ্ট্ৰীয় প্ৰেৰণা স্থলৰ সবিশেষ তথ্য আনুষ্ঠানিক বিবৃতিযোগে প্ৰদান কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টিয়ে এই দুয়োটা অনুষ্ঠানৰ তথ্য টুইটাৰত শ্বেয়াৰ কৰিছে।
এক আনুষ্ঠানিক বিবৃতি অনুসৰি, প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। বাজপেয়ীৰ জীৱন আৰু আদৰ্শক সন্মান জনাই লক্ষ্ণৌত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থান উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে।
ৰাষ্ট্ৰীয় প্ৰেৰণা স্থানত নিৰ্মাণ কৰা হৈছে ৬৫ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি ড° শ্যামা প্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায়, আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তি। দিনৰ ২:৩০ বজাত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল উদ্বোধন কৰা হ’ব। প্ৰধানমন্ত্ৰী মোদীয়েও এই উপলক্ষে এখন ৰাজহুৱা সভাত ভাষণ দিব।
ৰাষ্ট্ৰীয় প্ৰেৰণা স্থানৰ কল্পনা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। স্বাধীন ভাৰতৰ মহান ব্যক্তিসকলৰ উত্তৰাধিকাৰক সন্মান জনাই নিৰ্মাণ কৰা হৈছে। ইয়াক এক ঐতিহাসিক জাতীয় স্মৃতিসৌধ আৰু স্থায়ী জাতীয় গুৰুত্বৰ প্ৰেৰণাদায়ক কমপ্লেক্স হিচাপে গঢ়ি তোলা হৈছে। প্ৰায় ২৩০ কোটি টকা ব্যয়েৰে নিৰ্মিত আৰু ৬৫ একৰ বিস্তৃত এলেকাত বিস্তৃত এই কমপ্লেক্সটোক স্থায়ী ৰাষ্ট্ৰীয় সম্পত্তি হিচাপে কল্পনা কৰা হৈছে। নেতৃত্বৰ মূল্যবোধ, ৰাষ্ট্ৰীয় সেৱা, সাংস্কৃতিক চেতনা, আৰু জনপ্ৰেৰণা বৃদ্ধিৰ বাবে ইয়াক ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰা হ’ব।
ইয়াৰ উপৰিও ইয়াত এটা অত্যাধুনিক সংগ্ৰহালয় আছে। পদুম ফুলৰ আকৃতিত ডিজাইন কৰা ইয়াৰ বিস্তৃতি প্ৰায় ৯৮,০০০ বৰ্গফুট। এই সংগ্ৰহালয়ত উন্নত ডিজিটেল আৰু ইমৰ্চিভ প্ৰযুক্তিৰ জৰিয়তে ভাৰতৰ জাতীয় যাত্ৰা আৰু এই দূৰদৰ্শী নেতাসকলৰ অৱদান প্ৰদৰ্শন কৰা হৈছে, দৰ্শনাৰ্থীসকলক এক আকৰ্ষণীয় আৰু শিক্ষামূলক অভিজ্ঞতা প্ৰদান কৰা হৈছে।
নিস্বাৰ্থ নেতৃত্ব আৰু সুশাসনৰ আদৰ্শ সংৰক্ষণ আৰু প্ৰসাৰৰ দিশত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থানৰ উদ্বোধনী এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ই বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে কাম কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সংসদ ক্ৰীড়া মহোৎসৱত ভাষণ দিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
