নতুন দিল্লী, ০১ নৱেম্বৰ (হি.স.)। আজি পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই যৌথভাৱে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰতৰ সাহায্যত প্ৰস্তুত কৰা তিনিটা উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। এই তিনিটা প্ৰকল্প হ’ল – আখৌৰা-আগৰতলা সীমা অতিক্ৰম কৰা ৰে’ল সংযোগ, খুলনা-মংগলা বন্দৰ ৰে’ল লাইন আৰু মৈত্ৰী ছুপাৰ থাৰ্মেল পাৱাৰ প্লাণ্টৰ ইউনিট-II।
ভাৰত চৰকাৰে বাংলাদেশক দিয়া ৩৯২.৫২ কোটি টকাৰ অনুদানৰ ধনেৰে আখৌৰা-আগৰতলা সীমা অতিক্ৰম ৰে’ল সংযোগ প্ৰকল্প প্ৰস্তুত কৰা হৈছে। বাংলাদেশত ৬.৭৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰডগজ ৰে’ল লাইন আৰু ত্ৰিপুৰাত ৫.৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’ল লাইনৰ সৈতে মুঠ ৰেল সংযোগৰ দৈৰ্ঘ্য ১২.২৪ কিলোমিটাৰ।
ভাৰত চৰকাৰৰ ৰেহাইমূলক ঋণ সুবিধাৰ অধীনত মুঠ ৩৮৮.৯২ মিলিয়ন মাৰ্কিন ডলাৰ ধনৰাশি ব্যয়ৰে খুলনা-মংগলা বন্দৰ ৰে’ল লাইন প্ৰকল্প নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পত মংগলা বন্দৰ আৰু খুলনাত বৰ্তমানৰ ৰে’ল নেটৱৰ্কৰ মাজত প্ৰায় ৬৫ কিলোমিটাৰ ব্ৰড গেজৰ ৰে’লপথ নিৰ্মাণ কৰা হৈছে। ইয়াৰ লগে লগে বাংলাদেশৰ দ্বিতীয় বৃহত্তম বন্দৰ মংগলা ব্ৰড গেজ ৰেলৱে নেটৱৰ্কৰ সৈতে সংযোগ কৰা হৈছে।
ভাৰতীয় ৰেহাইমূলক বিত্তীয় পৰিকল্পনাৰ ১.৬ বিলিয়ন মাৰ্কিন ডলাৰৰ ঋণৰ অধীনত মৈত্ৰী ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট হৈছে বাংলাদেশৰ খুলনা সংমণ্ডলৰ ৰামপালত অৱস্থিত ১৩২০ মেগাৱাট (২×৬৬০ মেগাৱাট) শক্তিৰ ছুপাৰ থাৰ্মেল পাৱাৰ প্লাণ্ট (এমএছটিপিপি)। বাংলাদেশ-ভাৰত মৈত্ৰী পাৱাৰ কোম্পানী (প্ৰাইভেট) লিমিটেডে এই প্ৰকল্পটো ৰূপায়ণ কৰিছে। ই ভাৰতৰ এন টি পি চি লিমিটেড আৰু বাংলাদেশ পাৱাৰ ডেভেলপমেণ্ট ব’ৰ্ড (বি পি ডি বি)ৰ যৌথ উদ্যোগ কোম্পানী। দুয়োৰে ইয়াত আধা আধা অংশীদাৰিত্ব আছে। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে যৌথভাৱে মৈত্ৰী ছুপাৰ তাপ বিদ্যুৎ (থাৰ্মেল পাৱাৰ) প্ৰকল্প ইউনিট-I উন্মোচন কৰিছিল আৰু আজি ইউনিট-II উদ্বোধন কৰাৰ কথা। মৈত্ৰী ছুপাৰ থাৰ্মেল পাৱাৰ প্লাণ্টৰ পৰিচালনাৰ ফলত বাংলাদেশত শক্তি সুৰক্ষা বৃদ্ধি পাব। এই প্ৰকল্পসমূহে অঞ্চলটোৰ সংযোগ আৰু শক্তি সুৰক্ষা শক্তিশালী কৰিব।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
