নতুন দিল্লী, ০৩ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা প্ৰায় ৯:৩০ বজাত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ভাৰত মণ্ডপমত তিনিদিনীয়া ‘এমাজিং চাইন্স এণ্ড টেকনোলজি ইনোভেচন কনক্লেভ ২০২৫’ (উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন ২০২৫) উদ্বোধন কৰিব । এই উপলক্ষে প্ৰধানমন্ত্ৰীয়েও সভাত ভাষণ দিব। ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ এক্স হেণ্ডেলত এই অনুষ্ঠান সন্দৰ্ভত তথ্য ভাগ-বতৰা কৰে।
এক আনুষ্ঠানিক বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ গৱেষণা আৰু উন্নয়ন (আৰ এণ্ড ডি) পৰিৱেশ তন্ত্ৰক উন্নীত কৰাৰ বাবে ১ লাখ কোটি টকাৰ গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন (আৰ ডি আই) আঁচনি পুঁজি মুকলি কৰিব। এই আঁচনিৰ লক্ষ্য হৈছে দেশত ব্যক্তিগত খণ্ডৰ দ্বাৰা পৰিচালিত অনুসন্ধান আৰু বিকাশৰ পৰিৱেশ তন্ত্ৰক প্ৰসাৰিত কৰা। ৫ নৱেম্বৰলৈকে চলিব এই সন্মিলন।
এই সন্মিলনত শিক্ষাবিদ, গৱেষণা প্ৰতিষ্ঠান, উদ্যোগ, আৰু চৰকাৰৰ ৩ হাজাৰৰো অধিক অংশগ্ৰহণকাৰীৰ লগতে নোবেল বঁটা বিজয়ী, বিশিষ্ট বিজ্ঞানী, উদ্ভাৱক, নীতি নিৰ্ধাৰকসকলে অংশগ্ৰহণ কৰিব। উন্নত সামগ্ৰী আৰু উৎপাদন, কৃত্ৰিম বুদ্ধিমত্তা, জৈৱ উৎপাদন, সাগৰীয় অৰ্থনীতি, ডিজিটেল যোগাযোগ, ইলেক্ট্ৰনিকছ আৰু অৰ্ধপৰিবাহী উৎপাদন, উদীয়মান কৃষি প্ৰযুক্তি, শক্তি, পৰিৱেশ আৰু জলবায়ু, স্বাস্থ্য আৰু চিকিৎসা প্ৰযুক্তি, কোৱাণ্টাম বিজ্ঞান আৰু প্ৰযুক্তি, আৰু মহাকাশ প্ৰযুক্তিকে ধৰি ১১টা মূল বিষয়ভিত্তিক ক্ষেত্ৰৰ ওপৰত আলোচনা কৰা হ’ব।
উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলনত আগশাৰীৰ বিজ্ঞানীসকলৰ বক্তৃতা, পেনেল আলোচনা, উপস্থাপন, আৰু প্ৰযুক্তি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব, যিয়ে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ বাবে গৱেষক, উদ্যোগ, আৰু যুৱ উদ্ভাৱকৰ মাজত সহযোগিতাৰ বাবে এক মঞ্চ প্ৰদান কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
