নতুন দিল্লী, ০২ নৱেম্বৰ (এইচ এছ)। আজি (বৃহস্পতিবাৰ) প্ৰৱৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ নহয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লী আবকাৰী নীতিৰ কথিত কেলেংকাৰীত ২ নৱেম্বৰত হাজিৰ হ’বলৈ কেজৰিৱালক চমন জাৰি কৰিছিল ইডিয়ে।
সূত্ৰ অনুসৰি আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইডিক উত্তৰ দিছে। কেজৰিৱালে তদন্তকাৰী সংস্থালৈ এখন পত্ৰ লিখি নিজৰ চমনক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু অবৈধ বুলি অভিহিত কৰি প্ৰত্যাহাৰ কৰাৰ দাবী জনায়।
উল্লেখযোগ্য যে দিল্লী আবকাৰী নীতি কেলেংকাৰীত ধন সৰবৰাহৰ সৈতে জড়িত গোচৰৰ তদন্ত কৰি আছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে। কেজৰিৱালক মাতি অনাৰ পূৰ্বে ইডিয়ে বহু প্ৰমাণ সংগ্ৰহ কৰা বুলি চৰ্চা চলিছে। একেটা গোচৰতে ইতিমধ্যে তদন্তকাৰী সংস্থাটোৱে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰিছে। একে সময়তে কেজৰিৱালৰ হাজিৰ হোৱাৰ পূৰ্বে আজি দিল্লী চৰকাৰৰ আন এজন মন্ত্ৰী ৰাজকুমাৰ আনন্দৰ ঘৰত অভিযান চলোৱা হৈছে।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ/অৰবিন্দ
