নতুন দিল্লী, ২০ জানুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি আৰু কাইলৈ (২০-২১ জানুৱাৰী) তামিলনাডুত উপস্থিত থাকিব । এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন গুৰুত্বপূৰ্ণ মন্দিৰ পৰিদৰ্শন কৰিব। তাৰ ভিতৰত বিশিষ্ট হৈছে ধনুশকোটিত অৱস্থিত কোদান্দ ৰামস্বামী মন্দিৰ, তিৰুচিৰাপল্লীৰ শ্ৰী ৰংগনাথস্বামী মন্দিৰ আৰু শ্ৰী অৰুলমিগু ৰামনাথস্বামী মন্দিৰ।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি অহা ২০ জানুৱাৰীৰ পুৱা প্ৰায় ১১ বজাত তামিলনাডুৰ তিৰুচিৰাপল্লীৰ শ্ৰীৰংগনাথস্বামী মন্দিৰত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে এই মন্দিৰত বিভিন্ন পণ্ডিতৰ পৰা কম্ব ৰামায়ণৰ শ্লোক পাঠ শুনিব। এই মন্দিৰত ভগৱান বিষ্ণুৰ শয়নৰত ৰূপ শ্ৰীৰংগনাথস্বামী আছে।
ইয়াৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিনৰ প্ৰায় ২ বজাত ৰামেশ্বৰমত উপস্থিত হ’ব আৰু শ্ৰী অৰুলমিগু ৰামনাথস্বামী মন্দিৰত দৰ্শন আৰু পূজা কৰিব। মন্দিৰত আয়োজন কৰা ‘শ্ৰী ৰামায়ণ পৰায়ণ’ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। অনুষ্ঠানত আঠটা ভিন্ন পৰম্পৰাগত দলে সংস্কৃত, অৱধি, কাশ্মীৰী, গুৰমুখী, অসমীয়া, বাংলা, মৈথিলী আৰু গুজৰাটী ৰামকথা (শ্ৰীৰামৰ অযোধ্যালৈ ঘূৰি অহাৰ খণ্ডটো বৰ্ণিত) পাঠ কৰিব । শ্ৰী অৰুলমিগু ৰামনাথস্বামী মন্দিৰত অনুষ্ঠিত হ’বলগীয়া ভজন সন্ধিয়াতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে। সন্ধিয়া মন্দিৰ চৌহদত ভক্তিমূলক গীত গোৱা হ’ব।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি অহা ২১ জানুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে ধনুষকোডীৰ কোডাণ্ডা ৰামস্বামী মন্দিৰ পৰিদৰ্শন কৰিব। এই মন্দিৰটো শ্ৰী কোদান্দ ৰামস্বামীৰ নামত উচৰ্গা কৰা হৈছে। কোদান্দ ৰাম নামৰ অৰ্থ হৈছে আৰ্চাৰ ৰাম। কোৱা হয় যে ইয়াতেই বিভিষণে প্ৰথমবাৰৰ বাবে ভগৱান শ্ৰীৰামক লগ পাইছিল আৰু তেওঁৰ পৰা আশ্ৰয় লৈছিল। কিছুমান কিংবদন্তিতো কোৱা হয় যে এই ঠাইতে ভগৱান শ্ৰীৰামে বিভিষণৰ ৰাজ অভিষেক কৰিছিল। প্ৰধানমন্ত্ৰীয়ে ধনুষকোডীৰ ওচৰৰ অৰিচাল মুনাইও ভ্ৰমণ কৰিব। অৰিচাল মুনাইৰ বিষয়ে কোৱা হয় যে ইয়াতেই ৰাম সেতু নিৰ্মাণ কৰা হৈছিল।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
