ইটানগৰ,২১ জানুৱাৰী(হি.স.)। অৰুণাচলৰ আনজাওত যোৱা কালি সন্ধিয়া এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়৷ পাহাৰীয়া পথৰ পৰা দ’খাৱৈত বাগৰি পৰিল তিনিচুকীয়াৰ পৰা যোৱা এএছ ২৩ এডি ৭৩৬০ নম্বৰৰ ৱাগনাৰ বাহন।
দূৰ্ঘটনাত থিতাতে নিহত তিনিজনকৈ লোক৷ তিনিচুকীয়া মাকুমৰ ৰাজাপতি গেৰেজৰ কৰ্মচাৰী আছিল মৃত তিনি গৰাকী লোক বুলি জানিব পৰা গৈছে৷ পাহাৰৰ দ’খাৱৈ পৰা উদ্ধাৰ কৰা হৈছে মৃতদেহ। দুৰ্ঘটনাত নিহত সকল: দিলীপ ডেকা, পুনিত বাছতিয়া আৰু নাগেন্দ্ৰ শ্বাহ। আৰক্ষীয়ে নিহতৰ সংখ্যা তিনি জন বুলি নিশ্চিত কৰিছে। ১৮ জানুৱাৰীত আঞ্জাওলৈ গৈছিল তেওঁলোক।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
