কলকাতা, ২৩ জানুৱাৰী (হি.স.)। অযোধ্যাধামত সোমবাৰে অনুষ্ঠিত হোৱা অভিষেক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা০ মোহন ভাগৱত তিনিদিনীয়াকৈ কলকাতাত উপস্থিত হৈছে ৷ সংঘৰ জ্যেষ্ঠ পদাধিকাৰীয়ে মঙলবাৰে পুৱা কোৱামতে,সংঘৰ মুৰব্বীগৰাকী অযোধ্যাৰ পৰা পোনপটীয়াকৈ সোমবাৰে নিশা প্ৰায ১১: ৩০ বজাত কলকাতাত উপস্থিত হয়। ২৩ জানুৱাৰী আৰু ২৪ জানুৱাৰীত পশ্চিম বংগত তেওঁৰ বহু অনুষ্ঠান আছে।
আজি বৰাসাটত গণপোছাকত এক হাজাৰৰো অধিক স্বেচ্ছাসেৱকৰ সৈতে মিলিত হয় ডা° ভাগৱতৰ। যোৱা বছৰো ২৩ জানুৱাৰীত মোহন ভাগৱত কলকাতাত আছিল। নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম দিৱসত নেতাজী লোহ প্ৰণাম অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে। যোৱা মাহৰ ডিছেম্বৰ মাহত দুদিনীয়া ভ্ৰমণসূচীৰে বংগলৈ আহিছিল সৰসংঘচালক। তেওঁ চিবিআইৰ প্ৰাক্তন মুৰব্বী উপেন বিশ্বাস, অভিনেতা ভিক্টৰ বেনাৰ্জী, তবলাবাদক বিক্ৰম ঘোষ আৰু বিজেপি নেতা কল্যাণ চৌবেক সাক্ষাৎ কৰিছিল।
হিন্দুস্থান সমাচাৰ / ওম প্ৰকাশ/মনোজ
