জম্মু, ৩০ জুন (হি.স.)। পবিত্ৰ অমৰনাথ যাত্ৰা উপলক্ষে জম্মু অৱস্থান শিৱিৰ যাত্ৰী নিৱাস (বেছ কেম্প)ত আজি আগন্তুক তীৰ্থযাত্ৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে ট্ৰায়েল ৰাণ অনুষ্ঠিত কৰা হয়। ইয়াৰ সময়ত অভূতপূৰ্ব নিৰাপত্তাৰ সৈতে বাছ প্ৰেৰণ কৰা হৈছিল। এই তথ্য জম্মুৰ উপ আয়ুক্ত অচিন কুমাৰ বৈশ্যই দিয়ে।
তেওঁ তীৰ্থযাত্ৰীসকলক বৃহৎ সংখ্যক আহিবলৈ আহ্বান জনাইছে। বৈশ্যই কয় যে বেছ কেম্পত উপযুক্ত ব্যৱস্থা কৰা হৈছে। অহা ০৩ জুলাইৰ পৰা বালটাল আৰু পেহেলগামৰ পৰা আৰম্ভ হ’ব ৩৮ দিনীয়া তীৰ্থযাত্ৰা।আচিন বৈশ্যই কয় যে আজি সৰস্বতী ধামত টোকেন বিতৰণ কৰা হ’ব।
ইয়াৰ পূৰ্বে দেওবাৰে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় সেনা, চি আৰ পি এফ, জম্মু-কাশ্মীৰ আৰক্ষী আৰু জম্মু-কাশ্মীৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে যৌথ ম’ক ভূমিস্ফলন অনুশীলন চলায়। এই অনুশীলন জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ টলদি নলাৰ সমৰোলিত অনুষ্ঠিত হৈছিল।
বিষয়াসকলে জনোৱা মতে, জম্মুৰ ঐতিহাসিক মণ্ডি ৰাম মন্দিৰত বম বম ভোলেৰ ধ্বনিৰে প্ৰতিধ্বনিত হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাধুসকল তীৰ্থযাত্ৰাৰ পূৰ্বে ইয়ালৈ আহি আছে। সমুদ্ৰপৃষ্ঠৰ পৰা ১২,৭০০ ফুটতকৈও অধিক উচ্চতাত অৱস্থিত পবিত্ৰ অমৰনাথ গুহা মন্দিৰ পৰিদৰ্শন কৰিবলৈ এইসকল লোক উপস্থিত হৈছে। ৰাম মন্দিৰত থকাৰ ব্যৱস্থা, খাদ্য, পানী আৰু অনাময় ব্যৱস্থাৰ উপলব্ধতা নিশ্চিত কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
