ৱাশ্বিংটন, ২৭ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটনত বুধবাৰে বিয়লি নেশ্যনেল গাৰ্ডৰ দুজন জোৱানক গুলীওৱা হয়। সন্দেহযুক্তজনক আটককৰা হৈছে আৰু তেওঁ আফগান নাগৰিক বুলি জানিব পৰা গৈছে। হোৱাইট হাউছৰ পৰা মাত্ৰ দুটা ব্লক দূৰত্বত ১৭ নং ষ্ট্ৰীট আৰু এইচ ষ্ট্ৰীটৰ সমীপত সংঘটিত হয় এই ঘটনা।
চিবিএছ নিউজৰ বাতৰি অনুসৰি এই আক্ৰমণ আছিল এম্বুছ। আহত জোৱান কেইজন পশ্চিম ভাৰ্জিনিয়া নেচনেল গাৰ্ডৰ। এফ বি আইৰ সঞ্চালক কাছ পেটেলে কয় যে দুয়োৰে অৱস্থা সংকটজনক। ইয়াৰ পূৰ্বে পশ্চিম ভাৰ্জিনিয়াৰ গৱৰ্ণৰ পেট্ৰিক মৰিছে দুয়োৰে মৃত্যু হোৱা বুলি কৈছিল। মহানগৰ আৰক্ষী বিভাগে জনোৱা মতে, সন্দেহযুক্ত লোকজন ২০২১ চনত আমেৰিকাত উপস্থিত হোৱা আফগান নাগৰিক ৰহমানুল্লাহ লাকানৱাল বুলি চিনাক্ত কৰা হৈছে।
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে যে নেশ্যনেল গাৰ্ডৰ জোৱানক গুলীওৱা ব্যক্তিজনে যথেষ্ট মূল্য দিব। এই কাণ্ডৰ পিছত যুদ্ধ সচিব পিট হেগছেথে কয় যে ৰাষ্ট্ৰপতিয়ে ৰাজধানীত অতিৰিক্ত ৫০০ নেশ্যনেল গাৰ্ড সৈন্য নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। এই ঘটনাৰ সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্প ৱেষ্ট পাম বিচৰ নিজৰ গলফ খেলপথাৰত আছিল। হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে কয় যে হোৱাইট হাউছে এই মৰ্মান্তিক কাণ্ডটো নিৰীক্ষণ কৰি আছে।
মন কৰিবলগীয়া যে কেইবামাহো পূৰ্বে ৰাজধানীত হাজাৰ হাজাৰ নেশ্যনেল গাৰ্ডৰ সৈন্য মোতায়েন কৰা হৈছিল। আগষ্ট মাহত ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ঘোষণাৰ পিছত স্থানীয় আৰক্ষীক ফেডাৰেল নিয়ন্ত্ৰণলৈ অনা হয়। আঠখন ৰাজ্যৰ পৰা নেশ্যনেল গাৰ্ডৰ সৈন্য আহ্বান কৰা হৈছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
