তেহৰাণ, ০২ জুলাই (হি.স.)। আমেৰিকা আৰু ইজৰাইলৰ সৈতে যুঁজ দিয়া ইৰাণৰ স্থিতি অধিক কঠোৰ হৈ পৰিছে। আজি ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে কৰা ঘোষণাৰ পৰাই এই ইংগিত ওলাইছে। তেওঁ কয় যে তেহৰানে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সৈতে সহযোগিতা বন্ধ কৰি ৰাখিছে। আনকি আমেৰিকাৰ বোমা বৰ্ষণৰ পিছত সমাপ্ত হোৱা ইৰাণ-ইজৰাইল সামৰিক সংঘাতৰ পিছত এনে ঘোষণাৰ আশা ড’নাল্ড ট্ৰাম্পেও আশা কৰা নাছিলেহেঁতেন।
ইৰাণ চৰকাৰৰ ইছলামিক ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনৰ সংবাদ সংস্থা ‘মেহৰ’ই ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ এই ঘোষণা নিশ্চিত কৰিছে। মেহৰৰ খবৰ অনুসৰি পেজেস্কিয়ানে আই এ ই এৰ সৈতে তেহৰাণৰ সহযোগিতা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰাখিছে। ইফালে ইৰাণে নিজৰ ফৰ্ডো সমৃদ্ধি কেন্দ্ৰত নতুন পাৰমাণৱিক সুবিধা আৰু চেণ্ট্ৰিফিউজৰ উন্নত পৰ্যায়লৈ উন্নীতকৰণৰ কথা ঘোষণা কৰিছে।
ইয়াৰ পূৰ্বে ২৫ জুনত ইৰাণৰ সংসদে (মজলিছে) ইছলামিক ৰিপাব্লিকৰ বিৰুদ্ধে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত প্ৰস্তাৱৰ পিছত আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সৈতে তেহৰানৰ সহযোগিতা স্থগিত ৰখাৰ বিধেয়কত অনুমোদন জনাইছিল। সংসদৰ প্ৰিজাইডিং ব’ৰ্ডৰ সদস্য আলিৰেজা ছালিমীয়ে আজি কয় যে আই এ ই এৰ সৈতে সহযোগিতা স্থগিত ৰখাৰ বিধেয়কখনৰ সাধাৰণ আৰু নিৰ্দিষ্ট বিধানসমূহ সাংসদসকলে অনুমোদন জনাইছে।
সংসদৰ এই প্ৰস্তাৱ অনুসৰি দেশখনৰ পাৰমাণৱিক সুবিধা আৰু শান্তিপূৰ্ণ পাৰমাণৱিক কাৰ্যকলাপৰ নিৰাপত্তা নিশ্চিত নোহোৱালৈকে আই এ ই এৰ পৰিদৰ্শকক ইৰাণত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। প্ৰৱেশৰ বাবে ইৰাণৰ উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ অনুমোদন ল’ব লাগিব।
মেহৰৰ মতে ইৰাণেও আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ মুৰব্বী ৰাফেল গ্ৰ’ছিৰ ওপৰত প্ৰৱেশ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰিছে। ইজৰাইল আৰু আমেৰিকাৰ আগ্ৰাসনৰ সময়ত গ্ৰ’ছিয়ে দিয়া বক্তব্যক ইৰাণে গুৰুত্বসহকাৰে লৈছে। শেহতীয়াকৈ সংস্থাটোৱে তেহৰাণৰ বিৰুদ্ধে লোৱা প্ৰস্তাৱক লৈও ইৰাণ অতিশয় ক্ষুব্ধ হৈ পৰিছে। যোৱা সপ্তাহত উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদক গ্ৰ’ছিৰ ওপৰত প্ৰৱেশ নিষেধাজ্ঞা আৰোপ কৰিবলৈ আহ্বান জনাইছিল জ্যেষ্ঠ সাংসদ কোভাছাৰীয়ে।
উল্লেখযোগ্য যে ইজৰাইলৰ সৈতে হোৱা সামৰিক সংঘৰ্ষক লৈ ইৰাণৰ নেতৃত্বই ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী আৰু আমেৰিকাৰ ওপৰত অত্যন্ত ক্ষুব্ধ হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
