কাঠমাণ্ডু, ১৫ ছেপ্টেম্বৰ (হি.স.)। অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীৰ চৰকাৰত নিযুক্তি লাভ কৰা তিনিগৰাকী নতুন মন্ত্ৰীয়ে সোমবাৰে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতিৰ বাসগৃহ শীতল নিৱাসত আয়োজিত এক বিশেষ অনুষ্ঠানত তেওঁলোকক শপত গ্ৰহণ কৰোৱা হয়।
দেওবাৰে সন্ধিয়া অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশিলা কাৰ্কীয়ে তিনি মন্ত্ৰীক নিযুক্তি দিয়ে। আজি ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে কুলমান ঘিছিঙক শক্তি, জলসম্পদ আৰু জলসিঞ্চন মন্ত্ৰী, ওম প্ৰকাশ আৰিয়ালক গৃহ আৰু আইন মন্ত্ৰী আৰু ৰামেশ্বৰ খানালক বিত্তমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
মন্ত্ৰী পদৰ নিযুক্তিৰ পূৰ্বে ঘিছিঙে নেপাল বিদ্যুৎ প্ৰাধিকৰণৰ পৰিচালন সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ পূৰ্বে আৰিয়াল কাঠমাণ্ডুৰ মেয়ৰ বেলেন শ্বাহৰ আইনী উপদেষ্টা আছিল, আনহাতে খানাল এগৰাকী প্ৰাক্তন বিত্ত সচিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
