এথেন্স, ২৭ নৱেম্বৰ (হি.স.)। লেচবোছ দ্বীপৰ ওচৰত ধুমুহা বতাহৰ ফলত এখন মালবাহী জাহাজ ডুব যায়। জাহাজখনত থকা ৪ ভাৰতীয়সহ ১৪ জন লোক সন্ধানহীন হৈ আছে। দেওবাৰে গ্ৰীচৰ উপকূলৰক্ষী বাহিনীয়ে জনোৱা মতে, নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধানৰ বাবে এক বৃহৎ উদ্ধাৰ অভিযান চলি আছে।
তথ্য অনুসৰি নৌসেনাৰ এখন হেলিকপ্টাৰে এজন নাবিক দলৰ সদস্যক উদ্ধাৰ কৰিছে। উদ্ধাৰ অভিযানত পাঁচখন মালবাহী জাহাজ, তিনিখন ক’ষ্ট গাৰ্ড জাহাজ, বায়ুসেনা আৰু নৌসেনাৰ হেলিকপ্টাৰৰ লগতে এখন নৌসেনাৰ ফ্ৰিগেট জড়িত হৈ আছে।
খবৰ অনুসৰি মালবাহী জাহাজখনত ১৪ জন নাবিক দলৰ সদস্য আছিল আৰু ইয়াত নিমখ ভৰ্তি আছিল। এই জাহাজখন ইজিপ্তৰ ডেখেলাৰ পৰা ইস্তানবুল অভিমুখে ৰাওনা হৈছিল। নাবিক দলৰ সদস্যসকলৰ ভিতৰত আছে দুজন ছিৰিয়ান নাগৰিক, চাৰিজন ভাৰতীয় আৰু ৮ জন ইজিপ্তৰ।
হিন্দুস্থান সমাচাৰ/ অজিত/মনোজ/অৰবিন্দ
