
লিছবন, ০৪ ছেপ্টেম্বৰ (হি.স.)। পৰ্তুগালৰ ৰাজধানী লিছবনত সংঘটিত ট্ৰাম দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ১৮ জন লোক আহত হয়। পৰ্তুগালৰ জৰুৰীকালীন সেৱাৰ তথ্য অনুসৰি আহতসকলৰ ভিতৰত বিদেশী নাগৰিক আৰু এটা শিশুও আছে।
যোৱা সন্ধিয়া প্ৰায় ৬ বজাত (স্থানীয় সময়) পৰ্যটকৰ মাজত অতি জনপ্ৰিয় ট্ৰামখন পথৰ কেকুৰিত এটা অট্টালিকাৰ সৈতে খুন্দা খাই নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ পাহাৰৰ পৰা বাগৰি পৰে। এই দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৮ জন লোক আহত হয়। পৰ্তুগীজ চৰকাৰে এই ঘটনাৰ তদন্ত কৰা হ’ব বুলি প্ৰকাশ কৰিছে।
ৰাষ্ট্ৰপতি মাৰ্চেলো ৰেবেলো ডি ছৌছাই দুৰ্ঘটনাটোত নিহতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰপতি উৰ্চুলা ভানেও এই ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
