মালে, ২৫ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইন ভ্ৰমণ সমাপ্ত কৰি শুকুৰবাৰে দুদিনীয়া মালদ্বীপ ভ্ৰমণৰ বাবে মালেত উপস্থিত হয়। মালদ্বীপত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায় ৰাষ্ট্ৰপতি মহম্মদ মইজু আৰু তেওঁৰ মন্ত্ৰীসভাই।
ছান অনলাইনৰ তথ্য অনুসৰি আজি পুৱা মালে বিমানবন্দৰত ৰাষ্ট্ৰপতি মহম্মদ মইজু আৰু বৈদেশিক মন্ত্ৰী আব্দুল্লা খলিলকে ধৰি অন্যান্য কেবিনেট সহযোগীসকলে প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনায়। ৰাষ্ট্ৰপতি মইজুৱে প্ৰধানমন্ত্ৰী মোডীক সাৱটি ধৰিলে। মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজুৰ আমন্ত্ৰণত মালদ্বীপত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে।
মালদ্বীপ স্বাধীনতা দিৱসৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে মোডীক। এই বছৰ ভাৰত আৰু মালদ্বীপৰ ৬০ বছৰীয়া কূটনৈতিক সম্পৰ্কও সম্পূৰ্ণ হৈছে।
हिन्दुस्थान समाचार / Monoj Kumar Saikia
