কাঠমাণ্ডু, ০২ আগষ্ট (হি.স.)। নেপাল আৰু ভাৰতৰ মাজত হোৱা চুক্তিৰ অধীনত ভাৰত চৰকাৰৰ আৰ্থিক সাহায্যত দ্বিতীয় পৰ্যায়ৰ পেট্ৰলিয়াম পাইপলাইন সম্প্ৰসাৰণৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে।
ভাৰতৰ বিহাৰ ৰাজ্যৰ মতিহাৰীৰ পৰা নেপালৰ আমলেখগঞ্জলৈকে ইতিমধ্যে নিৰ্মাণ কৰা পেট্ৰলিয়াম পাইপলাইনৰ কাম এতিয়া চিটৱান জিলাৰ লোথাৰলৈ সম্প্ৰসাৰণ কৰা হৈছে। ইন্ধনৰ মসৃণ যোগান আৰু পৰিবহণ ব্যয় ব্যাপক হ্ৰাসৰ বাবে ভাৰত চৰকাৰে নেপালত নিৰ্মাণ কৰি উলিয়াইছে অভ্যন্তৰীণ পাইপলাইন।
পাইপলাইন সম্প্ৰসাৰণৰ সমান্তৰালকৈ তিনি মাহৰ মজুত থকা পেট্ৰলিয়াম মজুতকৰণৰ সুবিধাও নিৰ্মাণ কৰা হৈছে। লোথাৰত এই পেট্ৰলিয়াম ডিপো নিৰ্মাণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে।
শুকুৰবাৰে লোথাৰত নেপাল তেল নিগমে প্ৰকল্পটোৰ আঞ্চলিক কাৰ্যালয় উদ্বোধন কৰি পাইপলাইন সম্প্ৰসাৰণৰ আনুষ্ঠানিক আৰম্ভণি কৰে। লোথাৰৰ ৰাপতি পৌৰসভা-১ত প্ৰায় ২৩ বিঘা আৰু ১২ কঠাত অত্যাধুনিক গ্ৰীণফিল্ড টাৰ্মিনেল নিৰ্মাণ কৰা হ’ব।
এন অ’ চিৰ তথ্য অনুসৰি ভাৰতীয় তেল নিগমৰ মতিহাৰী ডিপোৰ পৰা পোনপটীয়াকৈ লোথাৰলৈ প্ৰেৰণ কৰা হ’ব পেট্ৰলিয়াম সামগ্ৰী। বৰ্তমান ভাৰতৰ পৰা বিহাৰৰ মতিহাৰীৰ পৰা নেপালৰ আমলেখগঞ্জলৈ পেট্ৰ’ল-ডিজেল প্ৰেৰণ কৰা হৈছে। এই পাইপলাইন সম্প্ৰসাৰণৰ বাবে শনিবাৰৰ পৰা আৰম্ভ হৈছে আমলেখগঞ্জ আৰু লোথাৰৰ মাজৰ ৬২ কিলোমিটাৰ অংশত ১০.৭৫ ইঞ্চি পাইপলাইন স্থাপনৰ কাম।
এই প্ৰকল্পৰ মুখ্য অভিযন্তা প্ৰদীপ কুমাৰ যাদৱে কয় যে পাইপলাইন সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় সকলো পদ্ধতি সম্পূৰ্ণ কৰাৰ পিছত আজিৰে পৰা ইয়াৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা হৈছে। তিনি বছৰৰ ভিতৰত এই প্ৰকল্পটো সম্পূৰ্ণ কৰি পৰিচালনা কৰাৰ পৰিকল্পনা আছে বুলিও তেওঁ কয়। তেওঁ জোৰ দি কয় যে পাইপলাইনে পৰিৱেশৰ প্ৰভাৱ হ্ৰাস কৰিব, ইন্ধন চুৰি হ্ৰাস কৰিব আৰু মিশ্ৰণ ৰোধ কৰিব। লগতে তেওঁ আশ্বাস দিয়ে যে প্ৰকল্পটোৱে স্থানীয় ৰাইজৰ সৈতে সমন্বয় সাধন কৰিব, কৰ্মসংস্থাপন আৰু অন্যান্য সুযোগ প্ৰদান কৰিব।
সহকাৰী প্ৰবন্ধক অনুপম পাৰাজুলিয়ে কয় যে এই পাইপলাইনে প্ৰতি ঘণ্টাত ২৭৩ কিলোলিটাৰ হাৰত পেট্ৰলিয়াম যোগান ধৰিব।
ইষ্ট-ৱেষ্ট হাইৱেৰ সমান্তৰালভাৱে চলিব এই পাইপলাইনটোৱে বছৰি ২০ লাখ টন পৰ্যন্ত ইন্ধন পৰিবহণ কৰিব বুলি আশা কৰা হৈছে।
প্ৰকল্পটোৰ জৰিয়তে লোথাৰত ১৬০ বৰ্গমিটাৰ প্লটত পাইপলাইন ষ্টেচন নিৰ্মাণৰ কামো জড়িত হৈ আছে। ইয়াৰ উপৰিও পেট্ৰ’ল সংৰক্ষণৰ বাবে ১১ হাজাৰ কিলোলিটাৰ ক্ষমতাসম্পন্ন তিনিটা উলম্ব টেংক নিৰ্মাণ কৰা হ’ব। একেদৰে ডিজেল মজুতকৰণৰ বাবে আৰু তিনিখন টেংক যুগুত ১৫,৫০০ কিলোলিটাৰ আৰু কেৰাচিন সংৰক্ষণৰ বাবে ৮০০ কিলোলিটাৰ ক্ষমতাসম্পন্ন দুটা টেংক নিৰ্মাণ কৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
