নতুন দিল্লী, ২৪ নৱেম্বৰ (হি.স.)। ভূটানৰ থিম্পুত ভগৱান বুদ্ধৰ পবিত্ৰ ভষ্ম (অৱশেষ)ৰ প্ৰদৰ্শনীৰ অহা ২৫ নৱেম্বৰত অন্ত পৰিব। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দল আজি ভূটানলৈ ৰাওনা হৈছে এই অৱশেষসমূহ ঘূৰাই আনিবলৈ। আজি পুৱা ইনষ্টাগ্ৰামত এটা সচিত্ৰ পোষ্টৰ জৰিয়তে ৰিজিজুৱে এই তথ্য শ্বেয়াৰ কৰে।
তেওঁ এক্সত লিখিছে, আজি মই ভূটানলৈ ৰাওনা হ’ম। ভগৱান বুদ্ধৰ পবিত্ৰ ভষ্ম ঘূৰাই অনাৰ লগত সংগতি ৰাখি মই প্ৰতিনিধি দলটোক নেতৃত্ব দিম। ভগৱান বুদ্ধৰ পবিত্ৰ ভষ্ম নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ পৰা প্ৰেৰণ কৰা হৈছিল। ভূটানত প্ৰদৰ্শন কৰা হৈছিল। এই প্ৰদৰ্শনীৰ অন্ত পৰিব ২৫ নৱেম্বৰত। ইয়াৰ পিছত ভষ্মসমূহ ঘৰলৈ ঘূৰাই অনা হ’ব।
ৰিজিজুৱে কয় যে ভগৱান বুদ্ধৰ পবিত্ৰ ভষ্ম ঘূৰাই আনিবলৈ তেওঁ ভূটানলৈ ৰাওনা হৈছে। এয়া ভাৰত-ভূটানৰ ভাগ-বতৰা ঐতিহ্য আৰু গভীৰ সাংস্কৃতিক সম্পৰ্কৰ প্ৰতীক।
हिन्दुस्थान समाचार / অৰৱিন্দ
