কুৱেটা (বেলুচিস্তান) পাকিস্তান, ৩০ আগষ্ট (হি.স.)। যোৱা কিছুদিনত বেলুচিস্তানৰ কেইবাখনো জিলাত সংঘটিত হোৱা ৮টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মীয়ে। এই আক্ৰমণত পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ কমেও ৮ জন জোৱান নিহত হোৱা বুলি বিএলএই প্ৰকাশ কৰিছে। বিস্ফোৰণত নিৰাপত্তাৰক্ষীৰ কেইবাখনো বাহন উৰুৱাই দিয়া হয়।
দ্য বেলুচিস্তান পোষ্টৰ খবৰ অনুসৰি বিএলএৰ মুখপাত্ৰ জিয়ান্দ বালোচে পাঞ্জগুৰ, কাচি, কুৱেটা, জিৱানী, খৰাণ, বুলেডা আৰু দলবন্দিনত এই আক্ৰমণ সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে। বেলুচ লিবাৰেচন আৰ্মীৰ যোদ্ধাসকলে নিৰাপত্তা বাহিনীৰ সৈন্য, আৰক্ষীৰ দল আৰু বাহনৰ ওপৰত ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি), গ্ৰেনেড আৰু বোমা ব্যৱহাৰ কৰিছিল।
বৃহস্পতিবাৰে পাঞ্জগুৰি জিলাৰ পৰম অঞ্চলৰ এটা চেকপইণ্টৰ পৰা ওলাই অহাৰ সময়ত ৰিম’ট কণ্ট্ৰ’লড আই ই ডিৰে সেনাবাহিনীৰ এখন বাহনত আক্ৰমণ চলাই ছয়জন জোৱান নিহত হয়। এই আক্ৰমণত বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হয়। একেদৰে কাছি জিলাৰ কলপুৰ অঞ্চলত ৰে’লপথ মুকলি কৰি থকা এটা বোমা নিষ্কাশন দল এটাক লক্ষ্য কৰি লোৱা হয়। ইয়াত এজন জোৱান নিহত হয়। ২৮ আগষ্টত একেটা অঞ্চলতে আন এক আক্ৰমণ সংঘটিত হৈছিল।
ইয়াৰ উপৰিও কুৱেটাৰ মিয়ান ঘুণ্ডি অঞ্চলত যোদ্ধাসকলে টহল দি থকা আৰক্ষী জোৱানসকলক কিছু সময়ৰ বাবে আটক কৰি তিনিটা কালাছনিকভ ৰাইফল কাঢ়ি লৈ যায়। গ্ৱাদাৰ জিলাৰ জিৱানীৰ এটা সামৰিক শিবিৰত গ্ৰেনেড আক্ৰমণ। বিএলএই ২১ আগষ্টত খৰাণত এজন লোকক হত্যা কৰাৰ দায়িত্বও স্বীকাৰ কৰে। মুখপাত্ৰগৰাকীয়ে কয় যে এই ব্যক্তিজনে পাকিস্তানী সংস্থাক অৱগত কৰিছিল। ২৩ আগষ্টত কেচ জিলাৰ বুলেডাত তিনিখন চাপ্লাই ট্ৰাক আৰু এখন ক্ৰেন আৰু চাগাই জিলাৰ দলবন্দিনত অতিৰিক্ত দুখন যোগান বাহনত অগ্নিসংযোগ কৰা হয়।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
