কুৱেটা (বেলুচিস্তান), পাকিস্তান, ১৬ নৱেম্বৰ (হি.স.): বেলুচিস্তান প্ৰদেশৰ ছানি আৰু ভাগৰ মাজৰ অঞ্চলত মটৰ চাইকেল আৰোহী আক্ৰমণকাৰীয়ে জ্যেষ্ঠ আৰক্ষী অধীক্ষক (এছএছপি)ৰ কনভয়ত গুলীচালনা কৰে। আৰক্ষীয়েও এই গুলীচালনাৰ প্ৰত্যুত্তৰ দিয়ে। সম্প্ৰতি জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু কনভয়ত থকা আটাইকেইজন আৰক্ষী জোৱান সুৰক্ষিত। আক্ৰমণকাৰী পলায়ন কৰাৰ পিছতে আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি তালাচী আৰম্ভ কৰে।
দ্য বেলুচিস্তান পোষ্টৰ মতে, শেহতীয়াকৈ চৰকাৰী ৰেকৰ্ড জ্বলোৱাৰ তদন্তৰ বাবে শনিবাৰে হাজী শ্বাহৰ থানাত উপস্থিত হৈছিল কচ্ছীৰ এছ এছ পিগৰাকী। পৰিদৰ্শন শেষ কৰি উভতি অহাৰ সময়তে মটৰ চাইকেল আৰোহী আক্ৰমণকাৰীয়ে হঠাতে ছানি আৰু ভাগৰ মাজৰ অঞ্চলত তেওঁৰ কনভয়ত নিৰ্বিচাৰ গুলীচালনা কৰে।
আৰক্ষীৰ মতে, প্ৰায় ২০-২৫ মিনিট ধৰি প্ৰচণ্ড গুলীচালনা চলি আছিল যদিও আক্ৰমণকাৰীয়ে সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। এছ এছ পি আৰু আটাইকেইজন আৰক্ষী জোৱান সুৰক্ষিত। ঘটনাৰ পিছতে অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰা হয়।
খবৰ অনুসৰি বিগত ২৪ ঘন্টাত প্ৰদেশখনৰ কেইবাখনো জিলাত গুলিয়াগুলীৰ ঘটনা সংঘটিত হৈছে। কচ্ছ জিলাৰ ভাগ আৰক্ষী থানা এলেকাৰ মাহমুদ আউলিয়া সীমান্তৰ সমীপত অস্ত্ৰধাৰী দুৰ্বৃত্তই এগৰাকী মহিলাসহ দুজন লোকক গুলীয়াই হত্যা কৰে। এই অপৰাধ সংঘটিত কৰি পলায়ন কৰে বন্দুকধাৰীয়ে। লোৰালাইত গুলীচালনাৰ খবৰৰ প্ৰতি সঁহাৰি জনাই এছ এছ পি মালিক মহম্মদ আছঘৰ উছমানৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। তৎকালীনভাৱে কাম কৰি আৰক্ষীয়ে নিউ বাৱাৰৰ বাসিন্দা দিলবৰ খানক তেওঁৰ অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে।
লগতে ৱাধৰ কাকা হীৰ অঞ্চলৰ মদিনা হোটেলৰ সমীপত অচিনাক্ত বন্দুকধাৰীয়ে ২২ বছৰীয়া নবাবক গুলীয়াই হত্যা কৰে। গুলী চালনাৰৰ অন্তত কোনোমতে পলায়ন কৰিবলৈ সক্ষম হয় আক্ৰমণকাৰী। ইফালে, ডেৰা মুৰাদ জামালিৰ নগৰ থানা এলেকাৰ হুদুদ আবাৰো চুবুৰীত এজন লোকে পত্নীক হত্যা কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
