ঢাকা, ২৫ জুন (হি.স.)। আগন্তুক সাধাৰণ নিৰ্বাচনত বাংলাদেশৰ ৫টা প্ৰধান ধৰ্মীয় দলে একেলগে যুঁজিব। এইক্ষেত্ৰত পাঁচোটা দলে একমতত উপনীত হৈছে। ইয়াৰ বাবে এখন যোগাযোগ সমিতি গঠন কৰা হৈছে। প্ৰতিটো দলৰ পৰা দুজনকৈ প্ৰতিনিধিক কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে। ৰাষ্ট্ৰীয় ঐকমত্য আয়োগৰ আলোচনা সমাপ্ত হোৱাৰ পাছত এই পাঁচটা কৌমী মাদ্ৰাছা ভিত্তিক দলে পুনৰবাৰ আলোচনাত মিলিত হ’ব। এই দলসমূহ হ’ল ইছলামী আন্দোলন বাংলাদেশ, খিলাফত মজলিছ, বাংলাদেশ খিলাফত মজলিছ, জমিয়ত উলেমা-ই-ইছলাম আৰু নিজাম-ই-ইছলাম পাৰ্টি।
ঢাকা ট্ৰিবিউন কাকতৰ বাতৰি অনুসৰি এই আটাইকেইটা দলে বিগত কেইবাবছৰ ধৰি ইছলামিক ঐক্য সৃষ্টিৰ বিষয়টোক লৈ অবিৰতভাৱে আলোচনা কৰি আহিছে। ১৯৭১ চনত মুক্তিযুদ্ধৰ বিৰোধিতা কৰা জামাত-ই-ইছলামীক এই সম্ভাৱ্য নিৰ্বাচনী মিত্ৰতাত অন্তৰ্ভুক্ত কৰা হোৱা নাই। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ২৩ এপ্ৰিলত এই পাঁচটা ইছলামিক দলৰ যৌথ বৈঠক ইছলামী আন্দোলন বাংলাদেশৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল ।
এই সভাত সভাপতিত্ব কৰে ইছলামিক মুভমেণ্ট বাংলাদেশৰ আমিৰ মুফতি চৈয়দ মহম্মদ ৰেজাউল কৰিম ওৰফে চাৰমোনাই পীৰে। জমিয়ত উলেমা-ই-ইছলামৰ সাধাৰণ সম্পাদক মৌলানা মঞ্জুৰুল ইছলাম আফেণ্ডীয়ে কয় যে আমি নিৰ্বাচনত যৌথভাৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰিম।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
