ঢাকা, ২৬ নৱেম্বৰ (হি.স.)। বাংলাদেশত শনিবাৰে কেইবাটাও দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত সাতখিৰা, ৰাজশাহী, চট্টগ্ৰাম, গাজীপুৰ, ফেনী, মুনছিগঞ্জ আৰু জেছৌৰত ৰাজপথত ১৬ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত আছে ভাৰতীয় দম্পতী আৰু এজন আৰক্ষী কনিষ্টবল।
স্থানীয় ইংৰাজী কাকত ঢাকা ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি, ভাৰতৰ পশ্চিম বংগৰ শিলিগুৰিৰ এহাল ভাৰতীয় দম্পতীৰ বাহনখনত সাতখিৰাৰ সদৰ উপজিলাৰ তলতলাত এখন ট্ৰাকে খুন্দা মৰাৰ ফলত তেওঁলোকৰ মৃত্যু হয়। নিহত দুজন হৈছে ৪৫ বছৰীয়া অসীম কুমাৰ বিশ্বাস আৰু তেওঁৰ ৪২ বছৰীয়া পত্নী চোবি বিশ্বাস। ৰাতিপুৱা প্ৰায় ৮ বজাত সীমান্তৰক্ষী বাংলাদেশৰ সতখিৰা কেম্পৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা।
বাতৰি কাকতখনে প্ৰকাশ কৰা তথ্য অনুসৰি সাতখিৰা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহিদুল ইছলামে কয় যে অসীম খুলনা-মংলা ৰে’ল প্ৰকল্পৰ ডেপুটি মেনেজাৰ আছিল। তেওঁ পত্নীৰ সৈতে ভোমৰা স্থল বন্দৰ হৈ ভাৰতলৈ গৈ আছিল। দুৰ্ঘটনাত আহত হয় তেওঁৰ চালক।
ইয়াৰ বাহিৰেও ৰাজশ্বাহীৰ বেলপুকুৰত বিয়লি ট্ৰাক আৰু চিএনজি চালিত অটোৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষত একেটা পৰিয়ালৰ ৫জন লোকৰ মৃত্যু হোৱাৰ লগতে এজন আহত হয়। নিহত কেইজন হৈছে ৩৫ বছৰীয়া পাৰবীন বেগম, ১৭ বছৰীয়া শৰ্মিন, ৭৫ বছৰীয়া ইনছাব আলী, ৩৫ বছৰীয়া আয়ুব আলী লাবু আৰু ৩৫ বছৰীয়া চি এন জি চালক মোখলেছুৰ ৰেহমান। আহত হয় ১৮ বছৰীয়া হৃদয়।
পাবা হাইৱে থানাৰ অ’চি মফাকাৰুল ইছলামে জনোৱা মতে, বেলপুকুৰ বাইপাছ এলেকাৰ সমীপত এখন ট্ৰাক আৰু চিএনজি চালিত অটোৰিক্সাৰ মাজত সংঘৰ্ষ সংঘটিত হয়। এই দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়। ইফালে চট্টগ্ৰামৰ কৰ্ণফুলি গেছ ডিষ্ট্ৰিবিউচন কোম্পানীৰ তিনিজন কৰ্মচাৰীক তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে। নিহত তিনিজন হৈছে ৩৫ বছৰীয়া মাছুদ মিয়াঁ, ৪৫ বছৰীয়া আলমগীৰ হুছেইন আৰু ৪২ বছৰীয়া ছফিকুল ইছলাম। শনিবাৰে সংঘটিত হোৱা দুৰ্ঘটনাত মুঠ ১৬ জন লোকে প্ৰাণ হেৰুৱাইছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
