কাঠমাণ্ডু, ১৯ অক্টোবৰ (হি.স.)। প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলিয়ে আজি দাবী কৰে যে তেওঁ পদত্যাগ কৰাৰ লগে লগে সেনাই তেওঁৰ মোবাইল ফোন জব্দ কৰিছিল, আৰু অন্তৱৰ্তীকালীন চৰকাৰৰ শপত গ্ৰহণৰ পিছতহে তেওঁক ঘূৰাই দিয়া হৈছিল।
দেওবাৰে কাঠমাণ্ডুৰ বিভিন্ন সংবাদ মাধ্যমৰ সম্পাদকৰ সৈতে হোৱা কথা-বতৰাত অলিয়ে কয় যে ৮ ছেপ্টেম্বৰৰ ঘটনাৰ পিছৰে পৰা সেনাই তেওঁক পদত্যাগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে। অলিয়ে কয় যে যেতিয়া প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ ঘেৰাও কৰিছিল তেতিয়া তেওঁ সেনাধ্যক্ষৰ ওচৰত নিৰাপত্তাৰ অনুৰোধ কৰিছিল যদিও তেওঁ পদত্যাগ কৰিলেহে তেওঁক সুৰক্ষা দিয়া হ’ব বুলি কোৱা হৈছিল ।
সম্পাদকসকলৰ আগত অলিয়ে কয় যে সেনাই নিৰাপত্তা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। সুশীলা কাৰ্কীক অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে পৰামৰ্শ দিয়াৰ দাবী অস্বীকাৰ কৰে অলিয়ে। অলিয়ে কয় যে ৰাষ্ট্ৰপতিলৈ লিখা পদত্যাগ পত্ৰত তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছিল যে বৰ্তমানৰ ৰাজনৈতিক সংকটৰ সমাধান সংবিধানৰ পৰিকাঠামোৰ ভিতৰত আৰু সংসদৰ ভিতৰত বিচাৰি উলিয়াব লাগে, কিন্তু তেওঁৰ পৰামৰ্শক আওকাণ কৰা হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
