ইছলামাবাদ, ১১ আগষ্ট (হি.স.)। পাকিস্তানে দখল কৰা গিলগিটৰ বানাক্ৰান্ত দান্যুৰ নলা আৰু পথ মেৰামতিৰ সময়ত ভূমিস্খলনত ৮ জন লোকৰ মৃত্যু হয়। সাহায্য আৰু উদ্ধাৰকাৰী বিষয়াসকলে আশংকা কৰিছে যে অধিক শ্ৰমিক আৰু স্বেচ্ছাসেৱক ধ্বংসাৱশেষত আবদ্ধ হৈ পৰিছে।
দ্য এক্সপ্ৰেছ ট্ৰিবিউন কাকত, এ আৰ ৱাই নিউজ চেনেল আৰু জিঅ’ চেনেলৰ বাতৰি অনুসৰি সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, স্বেচ্ছাসেৱক আৰু শ্ৰমিকসকলে পথটো মেৰামতি কৰি আছিল। হঠাতে পাহাৰৰ পৰা অহা ভূমিস্খলনৰ ধ্বংসাৱশেষত লোকসকল পোত যায়। চিকিৎসালয়ৰ সূত্ৰই নিশ্চিত কৰিছে যে নিহত আটাইকেইজন স্থানীয় স্বেচ্ছাসেৱক। উদ্ধাৰকাৰী বিষয়াই জনোৱা মতে, ধ্বংসাৱশেষত আৱদ্ধ লোকসকলৰ সন্ধান অব্যাহত আছে।
চৰকাৰী মুখপাত্ৰই কয় যে জলবায়ু পৰিৱৰ্তনৰ বাবে হিমবাহৰ দ্ৰুত গলিত বহু নদীৰ পানীৰ সোঁত বৃদ্ধি পাইছে। শিশপাৰ হিমবাহৰ পানীৰ বানে কৃষিভূমিৰ ক্ষতিসাধন কৰাৰ লগতে হুঞ্জালৈ যোৱা কাৰাকোৰাম ঘাইপথৰ এটা অংশ বন্ধ কৰি দিয়া হয়। নগৰ ৰোডৰ পৰা যান-বাহন ডাইভাৰ্ট কৰা হৈছে। ইয়াৰ ফলত পাকিস্তান আৰু চীনৰ মাজত স্থল সংযোগ বিচ্ছিন্ন হৈছে। ইফালে, অঞ্চলটোত অধিক বৰষুণ আৰু ভূমিস্খলনৰ সতৰ্কবাণী প্ৰদান কৰিছে কৰ্তৃপক্ষই। মুখ্যমন্ত্ৰী হাজী গুলবৰ খানে শীঘ্ৰে ঘাইপথ পুনৰ নিৰ্মাণৰ নিৰ্দেশ দিছে।
ইয়াৰ পূৰ্বে উত্তৰ-পূব আৰু উচ্চ পঞ্জাৱৰ ডেৰা গাজী খান, উত্তৰ-পূব বেলুচিস্তান, ইছলামবাগ-ৰাৱালপিণ্ডি, চিত্ৰাল, স্বাট, শ্বাংলা, মানচেহৰা, মুৰী, গলিয়াট, কোহিস্তান, এবোটাবাদ, বুনেৰ, স্বাবি, নৌশ্বেৰা আৰু মাৰ্দানত স্থানীয় নদী আৰু নৈত বানপানীৰ সৃষ্টি হোৱাৰ সতৰ্কবাণী দিছিল কৰ্তৃপক্ষই। খাইবাৰ পখতুনখোৱাৰ পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ ভাবুকি অব্যাহত আছে।
উদ্ধাৰ অভিযানৰ সময়ত সংকটজনক অৱস্থাত চাৰিজন লোকক ধ্বংসাৱশেষৰ পৰা উলিয়াই অনা বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে। যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে শেহতীয়াকৈ গিলগিট-বাল্টিস্তানত হোৱা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ চেক বিতৰণ কৰাৰ সময়তে ৪ বিলিয়ন টকাৰ সাহায্য পেকেজ ঘোষণা কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
