
ইছলামাবাদ (পাকিস্তান), ০৮ ছেপ্টেম্বৰ (হি.স.)। পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশত চলিত বৰ্ষত সন্ত্ৰাসবাদীৰ ঘটনা তীব্ৰভাৱে বৃদ্ধি পাইছে। বছৰৰ প্ৰথম আঠ মাহত ৬০৫টা আক্ৰমণ সংঘটিত হয়। ইয়াৰে ১৩৮ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ৩৫২ জন আহত হয়।
দ্য এক্সপ্ৰেছ ট্ৰিবিউন কাকতত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় আৰক্ষী কাৰ্যালয়ৰ তথ্য অনুসৰি এই সময়ছোৱাত সন্ত্ৰাসবাদ সম্পৰ্কীয় গোচৰত ৩৫১ জন সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ নাম উল্লেখ কৰা হৈছে। নিৰাপত্তা অভিযানত ৩২ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে ৫ জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হয়।
তথ্য অনুসৰি প্ৰদেশখনৰ আৰক্ষী বাহিনীৰ যথেষ্ট লোকচান হৈছে। এই আক্ৰমণত ৭৯ জন জোৱান নিহত হোৱাৰ লগতে ১৩০ জন আহত হয়। কেৱল আগষ্ট মাহত সমগ্ৰ প্ৰদেশখনতে ১২৯টা সন্ত্ৰাসবাদী কাণ্ড সংঘটিত হৈছিল। এই আক্ৰমণত ১৭ জন সাধাৰণ নাগৰিক নিহত হোৱাৰ বিপৰীতে ৫১ জন আহত হয়।
একে মাহতে ১৮৬ জন সন্দেহযুক্ত লোক চিনাক্ত হোৱাৰ বিপৰীতে এনকাউণ্টাৰত ৮ জন উগ্ৰপন্থী নিহত হয়। জিলাভিত্তিক সবিশেষ তথ্য অনুসৰি আগষ্ট মাহত বান্নুত সৰ্বাধিক ৪২টা আক্ৰমণ সংঘটিত হৈছিল ।
हिन्दुस्थान समाचार / অৰৱিন্দ
