ইছলামাবাদ, ০৮ জুলাই (হি.স.)। পাকিস্তানত প্ৰথম বাৰিষাৰ বৰষুণত ১৯ জন লোকৰ মৃত্যু হৈছে । এই প্ৰাণ হেৰুৱাইছে বেলুচিস্তান, খাইবাৰ পখতুনখোৱা, ইছলামবাদ আৰু ৰাৱালপিণ্ডিত। ইফালে ৰাষ্ট্ৰীয় জৰুৰীকালীন অভিযান কেন্দ্ৰই আজি আৰু কাইলৈ দেশৰ বিভিন্ন প্ৰান্তত প্ৰবল বৰষুণ আৰু বানপানীৰ পূৰ্বাভাস প্ৰকাশ কৰিছে।
ডন কাকতখনে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰীয় জৰুৰীকালীন অভিযান কেন্দ্ৰই ১০ জুলাইলৈকে প্ৰায় সকলো নদীতে মধ্যমীয়াৰ পৰা প্ৰচণ্ড বাৰিষা বৰষুণ আৰু বানপানীৰ পূৰ্বাভাস প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু অন্যান্য কৰ্তৃপক্ষক সম্ভাৱ্য জৰুৰী পৰিস্থিতি বিশেষকৈ বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ উচ্চ সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়ে।
বিগত ৪৮ ঘণ্টাত বেলুচিস্তানত হোৱা বাৰিষা বৰষুণৰ ফলত কমেও ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হোৱা বুলি প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। বেলুচিস্তানৰ প্ৰায় ২২খন জিলা বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও ২২টা ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৫টা ঘৰ ধ্বংস হয়।
পিডিএমএৰ বিষয়াসকলে জনোৱা মতে, ইৰাণৰ সীমান্তৱৰ্তী ৱাছুক জিলাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, য’ত থিয় হৈ থকা শস্যসমূহ উটুৱাই লৈ গৈছে আৰু বৃহৎ সংখ্যক লোকক গৃহহীন কৰি পেলোৱা হৈছে। ৰাৱালপিণ্ডি আৰু ইছলামবাদৰ বিভিন্ন প্ৰান্তত বৰষুণ সম্পৰ্কীয় ঘটনাত তিনি শিশুসহ কমেও ৬ জন লোকৰ পানীত ডুব যোৱা বুলি আৰক্ষী আৰু জৰুৰীকালীন সেৱাই জানিবলৈ দিয়ে। খাইবাৰ পাখতুনখোৱাত মালাকান্দ, বুনেৰ, মানচেহৰা আৰু কাৰাক জিলাত ৬ জন লোকে প্ৰাণ হেৰুৱাইছে।
প্ৰধানমন্ত্ৰী শ্বাহবাজে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ, উদ্ধাৰ সংস্থা আৰু প্ৰশাসনিক বিষয়াসকলক যিকোনো সম্ভাৱ্য জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ উচ্চ সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। তেওঁ উদ্বেগ প্ৰকাশ কৰে যে তৰ্বেলা বান্ধৰ স্পিল-ৱেৰ পৰিচালনাই সিন্ধু নদীৰ কাষৰ তলৰ জিলাসমূহ বানপানীত বুৰ গৈ পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে। বিষয়াসকলৰ মতে কাবুল, সিন্ধু, ঝেলুম, চেনাবকে ধৰি সকলো ডাঙৰ নদীৰ পানীৰ প্ৰবাহ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। স্বাত আৰু পাঞ্জকোৰা নদীৰ বাহিৰেও আন উপনৈ নদীসমূহেও যিকোনো সময়তে ভয়ংকৰ ৰূপ ল’ব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
