কাঠমাণ্ডু, ২৩ নৱেম্বৰ (হি.স.)। নেপালৰ মাকৱানপুৰ জিলাৰ চিটলাঙত বৃহস্পতিবাৰে পুৱা ৪.৫ প্ৰাবল্যৰ ভূমিকম্পৰ কম্পন অনুভূত হয়। নেপাল ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ২৩ নৱেম্বৰৰ পুৱা ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। কিন্তু এই কঁপনিবোৰৰ পৰা কোনো বিশেষ ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই।
উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে ৩ নৱেম্বৰত নেপালত ৬.৪ প্ৰাবল্যৰ প্ৰবল ভূমিকম্প অনুভৱ কৰা হৈছিল, যিয়ে বিপুল বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। সেই সময়ছোৱাত ১৫৭ জন লোকৰ মৃত্যু হৈছিল আৰু হাজাৰ হাজাৰ লোক আহত হৈছিল।
হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ/অৰবিন্দ
