কাঠমাণ্ডু, ০৩ ডিছেম্বৰ (হি.স.)। পাঁচ লাখৰো অধিক ৱেবছাইট নিষিদ্ধ কৰিলে নেপাল চৰকাৰে। ইয়াৰ ভিতৰত আছে ডেটিং, অনলাইন গেমিং, অনলাইন জুৱা আৰু বেছিভাগ চৰকাৰী বিভাগতে তালিকাভুক্ত নোহোৱা পৰ্ণ চাইট। নেপাল টেলিকমিউনিকেচন প্ৰাধিকৰণে এই ছাইটসমূহ বন্ধ কৰাৰ সন্দৰ্ভত তথ্য প্ৰদান কৰিছে।
কৰ্তৃপক্ষৰ সঞ্চালক বিজয় কুমাৰ ৰায়ে কয় যে দেশৰ আইন আৰু চৰকাৰৰ প্ৰয়োজনীয় নিৰ্দেশনাৰ বিপৰীতে চলি থকা এই ৱেবছাইটসমূহ বন্ধ কৰি দিয়া হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ অশ্লীল বিষয়বস্তু দেখুওৱা পৰ্ণ চাইটবোৰো আছে। ইয়াৰ সংখ্যা পঞ্চাশ হাজাৰতকৈও অধিক। তেওঁ কয় যে নেপাল ৰাষ্ট্ৰ বেংক আৰু কেন্দ্ৰীয় গৱেষণা ব্যুৰোৰ পৰামৰ্শ মতে এক লাখৰো অধিক অনলাইন জুৱাৰ ৱেবছাইট বন্ধ কৰা হৈছে। ইয়াৰ ভিতৰত পাবজি (PUBG) গেমকে ধৰি চীনৰ পৰা পৰিচালিত বেছিভাগ ৱেবছাইট আছে। ইয়াৰ উপৰিও নেপাল টেলিকমিউনিকেচন প্ৰাধিকৰণে নেপাল প্ৰেছ কাউন্সিলৰ পৰামৰ্শ মতে ১০০ৰো অধিক নিউজ পৰ্টেল বন্ধ কৰি দিছে।
হিন্দুস্থান সমাচাৰ/পংকজ/মনোজ/অৰবিন্দ
