কাঠমাণ্ডু, ০৮ জুলাই (হি.স.)। আণ্ডাৰৱৰ্ল্ড ডন ডাউদ ইব্ৰাহিমৰ ‘সতীৰ্থ’ ইউনুছ আনছাৰীয়ে নেপালত আতংকত দিন কটাইছে। জেলৰ পৰা ওলাই আহোঁতে তেওঁক আক্ৰমণ কৰা হ’ব পাৰে বুলি তেওঁৰ আশংকা। কাঠমাণ্ডু জিলা আদালতে অবৈধভাৱে সম্পত্তি অধিগ্ৰহণৰ গোচৰত ১৫ লাখ টকাৰ বণ্ডত জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছে আনছাৰীক। কিন্তু তেওঁ জেলৰ পৰা ওলাই আহিবলৈ অস্বীকাৰ কৰিছে।
নেপালৰ ভুৱা ভাৰতীয় মুদ্ৰাৰ নেটৱৰ্ক গোচৰত ৭ বছৰৰ কাৰাদণ্ড ভুগি শেহতীয়াকৈ মুকলি কৰি দিয়া আনছাৰীক পাকিস্তানৰ পৰা অবৈধভাৱে ১০ কোটি টকা নেপাললৈ আনি টিভি চেনেলত বিনিয়োগ কৰাৰ অভিযোগত পুনৰ জিম্মাত লোৱা হয়। সোমবাৰে জিলা আদালতে তেওঁক জামিন মঞ্জুৰ কৰে।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই জিলা আদালতত দাখিল কৰা অভিযোগনামাত আনছাৰীয়ে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইত কাম কৰা, আই এছ আইৰ নিৰ্দেশত ভুৱা ভাৰতীয় মুদ্ৰাৰ ব্যৱসায় কৰাৰ লগতে পাকিস্তানৰ পৰা নেপাললৈ অবৈধভাৱে ১০ কোটি টকা অনাৰ অভিযোগ উত্থাপন হৈছে। ব্যুৰোৰ মতে আনছাৰীয়ে নেপালৰ ৰাষ্ট্ৰীয় টিভি নিউজ চেনেলত নিজৰ ক’লা ধন বিনিয়োগ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
