কাঠমাণ্ডু, ১৫ ছেপ্টেম্বৰ (হি.স.)। নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীৰ পৰামৰ্শ মতে আজি পুৱা ৰাষ্ট্ৰপতি সদনত তিনিজন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। পুৱা ১১:৩০ বজাৰ পৰা আৰম্ভ হোৱা শপতগ্ৰহণ অনুষ্ঠানৰ তথ্য ৰাষ্ট্ৰপতি সদনে প্ৰদান কৰে।
শীতল নিৱাসৰ সূত্ৰ অনুসৰি ওমপ্ৰকাশ আৰিয়ালক গৃহ মন্ত্ৰালয়ৰ উপৰিও আইন আৰু ন্যায় মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হ’ব। বিত্তমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব প্ৰাক্তন বিত্ত সচিব ৰামেশ্বৰ খানালে। কুলমান ঘিছিঙক শক্তি মন্ত্ৰালয়ৰ লগতে আন কিছুমান মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হ’ব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
