কাঠমাণ্ডু, ২৪ জুন (হি.স.)। ভাৰত-নেপাল দ্বিপাক্ষিক পৰামৰ্শদাতা গোট (কনচালটেটিভ গ্ৰুপ অন ছিকিউৰিটি ইছ্যু) বা আইএনবিচিজিএছআইৰ ষোড়শখন বৈঠকত দুয়োপক্ষই নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতাৰ সৈতে জড়িত বিভিন্ন বিষয় যেনে সঁজুলি যোগান, প্ৰশিক্ষণ, যৌথ সামৰিক অনুশীলন, দুৰ্যোগ সাহায্য অভিযান আৰু সামৰিক বিনিময় আদি বিষয়ত অৰ্থপূৰ্ণ আলোচনাত মিলিত হয়। এই দুদিনীয়া বৈঠক ভাৰতৰ পুনেত ২৩-২৪ জুনত অনুষ্ঠিত হৈছিল।
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ নেপাল ডেস্কৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত সচিব মুনু মহাৱাৰৰ নেতৃত্বত ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছিল। একেদৰে নেপালৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল নেপাল চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব (দক্ষিণ এছিয়া) গহেন্দ্ৰ ৰাজ ভাণ্ডাৰী। এই বৈঠকত নিজ নিজ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়াৰ লগতে ভাৰতীয় সেনা আৰু নেপাল সেনাৰ সঞ্চালকালয়ৰ বিষয়াসকলেও অংশগ্ৰহণ কৰে।
দুয়োপক্ষই নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতাৰ সৈতে জড়িত বিভিন্ন বিষয় যেনে সঁজুলি যোগান, প্ৰশিক্ষণ, যৌথ সামৰিক অনুশীলন, দুৰ্যোগ সাহায্য অভিযান আৰু সামৰিক বিনিময় আদি বিষয়ত অৰ্থপূৰ্ণ আলোচনাত মিলিত হয়। ইয়াৰ উপৰিও প্ৰতিনিধি দলসমূহে ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিৰক্ষা খণ্ডৰ ডাঙৰ ডাঙৰ উৎপাদন সুবিধাসমূহো পৰিদৰ্শন কৰি পাৰস্পৰিকভাৱে লাভজনক সহযোগিতাৰ সম্ভাৱনাসমূহ অন্বেষণ কৰে।
উল্লেখ্য যে ২০০৩ চনত আইএনবিচিজিএছআই প্ৰতিষ্ঠা কৰা হৈছিল। ই ভাৰত আৰু নেপালৰ মাজত এক ব্যাপক প্ৰতিষ্ঠানিক ব্যৱস্থা, যিয়ে দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাৰ সমন্বয় কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
