নিউয়ৰ্ক (আমেৰিকা), ২৩ আগষ্ট (হি.স.)। পশ্চিম নিউয়ৰ্কৰ এটা মুখ্য ঘাইপথত ৫০ জনতকৈ অধিক যাত্ৰী কঢ়িয়াই অনা এখন ট্যুৰ বাছ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। এই দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ৩২ জন আহত হয়। ভুক্তভোগীৰ ভিতৰত ভাৰতীয়ও থাকিব পাৰে। বহু ভুক্তভোগীক বিমানযোগে চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয়।
চিবিএছ নিউজ চেনেলৰ তথ্য অনুসৰি নিউয়ৰ্ক আৰক্ষীয়ে কোৱা মতে শুকুৰবাৰে সংঘটিত হৈছে এই দুৰ্ঘটনা। সকলো বাছ যাত্ৰী নায়াগ্ৰা জলপ্ৰপাত প্ৰত্যক্ষ কৰি নিউয়ৰ্ক চহৰলৈ উভতি আহিছিল। জ্যেষ্ঠ আৰক্ষী বিষয়া জেমছ অ’ কেলাগানে কয় যে, অজ্ঞাত কাৰণত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথত বাগৰি খাৱৈত পৰি যায়। সৌভাগ্যক্ৰমে বাছখনে আন কোনো বাহনৰ সৈতে খুণ্ডা নামাৰিলে।
আৰক্ষীয়ে জনোৱা মতে, বাছখনত ৫২ জন যাত্ৰী আৰু বাহন কোম্পানীটোৰ দুজন কৰ্মচাৰী আছিল। দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও তদন্ত অব্যাহত আছে যদিও যান্ত্ৰিক বিজুতি আৰু চালকৰ গাফিলতিৰ সম্ভাৱনা নুই কৰা হৈছে। ২৪ জন আহতক ইৰি কাউন্টি মেডিকেল চেণ্টাৰত ভৰ্তি কৰা হৈছে। ইয়াৰে দুজনৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়। তেওঁলোকক ইনটেনচিভ কেয়াৰ ইউনিটত ৰখা হৈছে।
নিউয়ৰ্কৰ ইউনাইটেড মেম’ৰিয়েল মেডিকেল চেণ্টাৰৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, তাত দুজন ৰোগীক ভৰ্তি কৰা হৈছে। দুয়োকে চিকিৎসা কৰি ডিচচাৰ্জ দিয়া হয়। দুৰ্ঘটনাটোত আহত ৬ জন লোকক ইউনিভাৰ্চিটি অৱ ৰচেষ্টাৰ মেডিকেল চেণ্টাৰত চিকিৎসাধীন হৈ আছে। চিকিৎসালয়খনে জনোৱা মতে, দুজন গুৰুতৰভাৱে আহত আৰু চাৰিজনৰ অৱস্থা সুস্থিৰ। তাৰে এজন শিশু।
অলাভজনক জৰুৰীকালীন বিমান চিকিৎসা পৰিবহণ প্ৰদানকাৰী মাৰ্চি ফ্লাইটে কয় যে তেওঁলোকে বহু ৰোগীক বিমানযোগে চিকিৎসালয়খনলৈ লৈ যায়। জ্যেষ্ঠ আৰক্ষী বিষয়া অ’কেলাঘানে কয় যে বাছখনত অধিকাংশ লোক ভাৰতীয়, চীনা আৰু ফিলিপাইনছৰ। ইৰি কাউন্টিৰ কাৰ্যবাহী মাৰ্ক প’লনকাৰ্জ আৰু নিউয়ৰ্কৰ গৱৰ্ণৰ কেথী হোচুলে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
