ৱাশ্বিংটন, ০৯ নৱেম্বৰ (হি.স.)। ছিৰিয়াৰ ৰাষ্ট্ৰপতি আহমেদ আল শ্বাৰাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হ’বলগা ঐতিহাসিক বৈঠকৰ বাবে শনিবাৰে আমেৰিকাত উপস্থিত হয়। সোমবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে বৈঠকত মিলিত হ’ব আহমেদ আল-শ্বাৰাই।
সংবাদ সংস্থা সনাৰ মতে, ১৯৪৬ চনত দেশখনৰ স্বাধীনতাৰ পিছত ছিৰিয়াৰ ৰাষ্ট্ৰপতিৰ এইটোৱেই প্ৰথম এনে ভ্ৰমণ। ইয়াৰ পূৰ্বে ৭ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ছিৰিয়াৰ ৰাষ্ট্ৰপতি আহমেদ আল-শ্বাৰা আৰু তেওঁৰ চৰকাৰৰ একাংশ সদস্যৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা উঠাই লোৱাৰ বাবে আমেৰিকাৰ প্ৰস্তাৱত অনুমোদন জনাইছিল।
২০২৪ চনৰ নৱেম্বৰ মাহত বিৰোধীৰ আগশাৰীৰ বাহিনী আহমেদ আল-শ্বাৰাই দশক দশক ধৰি চলি অহা বাছাৰ আল আছাদৰ চৰকাৰখন উফৰাই দিয়ে আৰু ছিৰিয়াৰ দশক দশকজুৰি চলি থকা গৃহযুদ্ধৰ অন্ত পেলায়। ছিৰিয়াত ক্ষমতা দখল কৰাৰ পিছত ছেপ্টেম্বৰ মাহত নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণ দিছিল আহমেদ আল-শ্বাৰাই।
চলিত বৰ্ষৰ মে’ মাহত ছৌদি আৰৱত আল-শ্বাৰাৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত ট্ৰাম্পে ছিৰিয়াৰ ওপৰত দশক দশক ধৰি চলি অহা অৰ্থনৈতিক নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। ৭ নৱেম্বৰত আমেৰিকাই ছিৰিয়াৰ ৰাষ্ট্ৰপতি আহমেদ আল-শ্বৰাক বিশ্ব সন্ত্ৰাসবাদী তালিকাৰ পৰা আঁতৰাই পেলায়। আহমেদ আল-শ্বাৰাৰ উপৰিও আমেৰিকাই তেওঁৰ সংগঠন হায়াত তাহৰিৰ আল-শ্বাম (এইটিএছ)কো বিদেশী সন্ত্ৰাসবাদী সংগঠন (এফিও)ৰ সূচীৰ পৰা আঁতৰাই পেলায়।
উল্লেখযোগ্য যে প্ৰায় ২০ বছৰ পূৰ্বে বিশ্ব সন্ত্ৰাসবাদী সংগঠন আল কায়দাত যোগদান কৰাৰ পিছত ২০০৫ চনত ইৰাকত গ্ৰেপ্তাৰ কৰা হৈছিল আহমেদ আল-শ্বাৰাক। ২০১১ চনত মুক্তি পোৱাৰ পূৰ্বে তেওঁ ছবছৰ আমেৰিকা আৰু ইৰাকৰ কাৰাগাৰত কটায়। তাৰ পিছত আল-শ্বাৰাই ছিৰিয়াত আল কায়দাৰ সংযুক্ত সংস্থা এটাৰ নেতৃত্ব দিয়ে আৰু ২০১৩ চনত আমেৰিকাই তেওঁৰ মূৰত এক কোটি ডলাৰৰ পুৰস্কাৰ আৰোপ কৰে। কিন্তু ২০১৬ চনত আহমেদ আল শ্বাৰাই আল কায়দাৰ পৰা পৃথক হৈ পৰে। ২০২৪ চনৰ নৱেম্বৰ মাহত আল-শ্বাৰাৰ নেতৃত্বত বিৰোধী শক্তিয়ে আছাদ শাসন ব্যৱস্থাক উৎখাত কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
