ৱাশ্বিংটন, ৩১ জুলাই (হি.স.)। আমেৰিকাত ড’নাল্ড ট্ৰাম্প প্ৰশাসনে নতুন ডিজিটেল স্বাস্থ্য পদক্ষেপ আৰম্ভ কৰিবলৈ ওলাইছে, যাৰ অধীনত লাখ লাখ আমেৰিকান নাগৰিকসকলক নিজৰ ব্যক্তিগত স্বাস্থ্যৰ তথ্য আৰু চিকিৎসাৰ ৰেকৰ্ড মোবাইল এপ আৰু ডিজিটেল প্লেটফৰ্মত আপলোড কৰিবলৈ উৎসাহিত কৰা হ’ব। এই ব্যৱস্থাটো গুগল, আমাজনৰ দৰে প্ৰসিদ্ধ আৰু ক্লিভলেণ্ড ক্লিনিকৰ দৰে ডাঙৰ চিকিৎসালয় গোটকে ধৰি ব্যক্তিগত টেক কোম্পানীসমূহৰ সহযোগত প্ৰস্তুত কৰা হৈছে।
বুধবাৰে হোৱাইট হাউছত ৬০টাতকৈও অধিক কোম্পানী আৰু স্বাস্থ্য প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ বৈঠক অনুষ্ঠিত কৰি এই নতুন পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হয়। প্ৰশাসনে এই পদক্ষেপৰ নাম ডিজিটেল হেল্থ ইক’চিষ্টেম ৰাখিছে, যাৰ লক্ষ্য হৈছে আমেৰিকাত ডিজিটেল স্বাস্থ্য সেৱা সম্প্ৰসাৰণ।
নতুন ব্যৱস্থাটোৱে বিশেষকৈ ডায়েবেটিছ নিয়ন্ত্ৰণ, ওজন ব্যৱস্থাপনা, আৰু কথোপকথনমূলক কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, যিয়ে ৰোগীসকলক পৰামৰ্শ আৰু যোগাযোগত সহায় কৰিব। ইয়াৰ উপৰিও কিউআৰ ক’ড আৰু এপ ভিত্তিক ব্যৱস্থাৰে ৰোগীৰ পৰীক্ষা, ড্ৰাগ ট্ৰেকিং আৰু চিকিৎসালয়ৰ পঞ্জীয়ন প্ৰক্ৰিয়াটো সহজ কৰি তোলা হ’ব।
যদিও এই পদক্ষেপক আধুনিক স্বাস্থ্যসেৱাৰ দিশত এক ডাঙৰ কৃতিত্ব বুলি গণ্য কৰা হৈছে, তথ্যৰ গোপনীয়তাৰ বিষয়েও উদ্বেগ আহি পৰিছে। সমালোচকসকলে কয় যে ট্ৰাম্প প্ৰশাসনে ইয়াৰ পূৰ্বে আমেৰিকাৰ নাগৰিকৰ ব্যক্তিগত তথ্য বিনিময়ক লৈ বিতৰ্কৰ সৃষ্টি কৰিছিল, এনে পৰিস্থিতিত এই পৰিকল্পনাই ৰোগীৰ গোপনীয়তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে।
বিশেষজ্ঞসকলৰ মতে স্বাস্থ্যৰ তথ্য সংগ্ৰহ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত যদি স্বচ্ছতা আৰু নিৰাপত্তা বজাই ৰখা নহয় তেন্তে ই ৰোগীৰ অধিকাৰ খৰ্ব কৰিব পাৰে। একে সময়তে প্ৰশাসনে কয় যে এই পদক্ষেপে চিকিৎসা খণ্ডক ডিজিটেলভাৱে সবল কৰি তুলিব আৰু সাধাৰণ নাগৰিকে স্বাস্থ্যসেৱা ক্ষিপ্ৰতাৰে লাভ কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
