টকিঅ’, ০১ জানুৱাৰী (হি.স.)। উত্তৰ মধ্য জাপানত সন্ধিয়া ৪:১০ বজাত (স্থানীয় সময় অনুসৰি) ৭.৪ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ইয়াৰ পিছত জাপানৰ উপকূলত ছুনামীৰ ঢৌ দেখা যায়। জাপানৰ পশ্চিম উপকূলৰ কিছু অংশৰ লোকক বৃহৎ ভূমিকম্পৰ পিছত ছুনামীৰ ভাবুকিৰ বাবে তৎকালীনভাৱে ঘৰ এৰি যাবলৈ কোৱা হৈছে।
সোমবাৰে ৰাজহুৱা সম্প্ৰচাৰক এন এইচ কেৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি জাপান বতৰ বিজ্ঞান সংস্থাই ইছিকাৱা, নিগাটা আৰু টয়মা অঞ্চলৰ পশ্চিম উপকূলীয় অঞ্চলৰ বাবে চুনামীৰ সতৰ্কবাণী জাৰি কৰিছে। সংস্থাটোৰ মতে, ইছিকাৱা অঞ্চলৰ নোটোত পাঁচ মিটাৰ পৰ্যন্ত উচ্চতা ছুনামী উপস্থিত হৈছে। আমেৰিকাৰ সংস্থাটোৰ মতে, ভূমিকম্পৰ কেন্দ্ৰৰ পৰা ৩০০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জাপান উপকূলত বিপজ্জনক ছুনামী ঢৌৰ সম্ভাৱনা আছে।
এন এইচ কেৰ বাতৰি অনুসৰি ইছিকাৱা প্ৰিফেকচাৰৰ ৱাজিমা চহৰৰ উপকূলত এক মিটাৰতকৈও অধিক উচ্চতাৰ ঢৌ উঠিছে। হোকুৰিকু ইলেক্ট্ৰিক পাৱাৰে কয় যে তেওঁলোকৰ পাৰমাণৱিক শক্তি কেন্দ্ৰত যিকোনো অনিয়মৰ অনুসন্ধান চলি আছে। জাপানৰ ইছিকাৱা প্ৰিফেকচাৰৰ এটা স্থানীয় ষ্টেচনৰ পৰা প্ৰকাশ পোৱা ভিডিঅ’ত দেখা গৈছে যে এক বৃহৎ ভূমিকম্পৰ মাজত অত্যন্ত শক্তিশালী কম্পন পৰিলক্ষিত হৈছে।
ৰাছিয়াই নিজৰ পশ্চিম উপকূলৰ কিছু অংশত চুনামীৰ ভাবুকি ঘোষণা কৰি জাপানত হোৱা বৃহৎ ভূমিকম্পৰ পিছত বাসিন্দাসকলক উচ্চ স্থানলৈ যাবলৈ আহ্বান জনাইছে।
কানছাই ইলেক্ট্ৰিক পাৱাৰৰ এগৰাকী মুখপাত্ৰই কয় যে বৰ্তমান তেওঁলোকৰ পাৰমাণৱিক শক্তি কেন্দ্ৰত কোনো অস্বাভাৱিকতা নাই যদিও কোম্পানীটোৱে পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে।
হিন্দুস্থান সমাচাৰ/দধিবল/মনোজ
