ছান ফ্ৰান্সিস্কো, ১৫ নৱেম্বৰ (হি.স.)। চীন-আমেৰিকাৰ শীৰ্ষ সন্মিলন আৰু এপেকৰ ৩০ সংখ্যক অৰ্থনৈতিক নেতাৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ মঙলবাৰে ছান ফ্ৰান্সিস্কোত উপস্থিত হয় চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বুধবাৰে ছান ফ্ৰান্সিস্কোত জিনপিঙক সাক্ষাৎ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। বিশ্বৰ অস্থিৰতাৰ মাজত বাইডেন আৰু জিনপিঙৰ এই গুৰুত্বপূৰ্ণ বৈঠকত দুয়োখন দেশৰ সম্পৰ্ক উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
আন আন খবৰ অনুসৰি এই বৈঠকে দুয়োখন বিশ্ব শক্তিৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক নৰম হোৱাৰ সম্ভাৱনা নাই। কিন্তু হোৱাইট হাউছৰ বিষয়াসকলৰ মাজত কেইবামাহো ধৰি চলি থকা আলোচনাৰ অন্তত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকক ইতিবাচক লক্ষণ হিচাপে দেখা গৈছে ৷ পশ্চিম এছিয়াত চলি থকা সংঘাত আৰু ইউক্ৰেইন যুদ্ধক লৈ দুয়োগৰাকী নেতাই আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/অৰৱিন্দ/মনোজ
