বেইজিং, ০৯ ডিছেম্বৰ (হি.স।)। চীনৰ ব্যক্তিগত মহাকাশ কোম্পানী লেণ্ডস্পেছে শনিবাৰে মহাকাশলৈ তিনিটা বাণিজ্যিক উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰে। ইয়াৰ পূৰ্বে লেণ্ড স্পেছে এই অভিযানত দুবাৰকৈ জেড কিউ২ কেৰিয়াৰ ৰকেট উৎক্ষেপণ কৰিছে।
চীনৰ গ্ল’বেল টাইমছ কাকত অনুসৰি এই উপগ্ৰহসমূহ উত্তৰ-পশ্চিম চীনৰ জিউকুৱান উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰৰ পৰা মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল। ৰাজধানী বেইজিঙৰ সময় অনুসৰি পুৱা ৭:৩৯ বজাত উৎক্ষেপণ কৰা হয়।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
