কাঠমাণ্ডু, ২১ ডিছেম্বৰ (হি.স.)। ৯ বছৰ পূৰ্বে চীনৰ পৰা ক্ৰয় কৰা ছখন সৰু বিমান বিগত তিনি বছৰ ধৰি ঠাইতে নষ্ট হ’ব ধৰিছে । অৱশেষত এতিয়া সেইবোৰ বিক্ৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে। প্ৰায় ৪৫০ কোটি টকাত ক্ৰয় কৰা এই বিমানসমূহ ১৯০ কোটি টকা লোকচানৰ অন্তত বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছে।
২০১৫ চনত নেপাল চৰকাৰে চীনৰ কোম্পানী এটাৰ পৰা ক্ৰয় কৰা দুখন এম এ-৬০ আৰু ৱাই-১২ই বিমান চৰকাৰী বিমান সংস্থা নেপাল এয়াৰ চাৰ্ভিচ কৰ্প’ৰেশ্যনৰ বাবে বিক্ৰীৰ নিবিদা উত্থাপন কৰিছে। এই আটাইকেইখন বিমান যোৱা তিনি বছৰ ধৰি এঠাইতে ৰখাই থোৱা আছে। যদিও চীনৰ পৰা ৬খন বিমান ক্ৰয় কৰা হৈছিল, কিন্তু তিনি বছৰ পূৰ্বে নেপালগঞ্জ বিমানবন্দৰত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল।
সকলো বিৰোধিতা আৰু কাৰিকৰী অভাৱৰ মাজতো তেতিয়াৰ নেপাল চৰকাৰে চীনৰ পৰা বিমানখন ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিল। আভ্যন্তৰীণ বিমান সেৱাৰ বাবে নেপাল চৰকাৰে ইয়াৰে চাৰিখন বিমান প্ৰায় ৪৫০ কোটি টকাত ক্ৰয় কৰাৰ বিপৰীতে দুখন বিমান অনুদান হিচাপে চীন চৰকাৰে দিছিল। কিন্তু এতিয়ালৈকে এই বিমানসমূহৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ বাবে ১৯০ কোটি টকা ব্যয় কৰা হৈছে। যদি এয়াৰ চাৰ্ভিচেছ কৰ্প’ৰেশ্যনৰ বিষয়াসকলক বিশ্বাস কৰিব লাগে তেন্তে চীনৰ পৰা অহা এই বিমানসমূহে পাঁচ বছৰলৈকেও সঠিকভাৱে চলাচল কৰিব পৰা নাছিল। কেৱল এই বিমান উৰুৱাই চৰকাৰে প্ৰতি বছৰে প্ৰায় ৪০ কোটি টকা লোকচানৰ সন্মুখীন হৈছিল।
যদিও এই বিমানসমূহে বাৰে বাৰে কাৰিকৰী সমস্যাৰ সন্মুখীন হৈ থাকিল, কিন্তু তিনি বছৰ পূৰ্বে চীনৰ পৰা অনা এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত চৰকাৰে এই বিমানসমূহৰ উৰণৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছিল। চৰকাৰে চীনৰ কোম্পানীটোক এই বিমানসমূহ পুনৰ ল’বলৈ অনুৰোধ জনাইছিল যদিও তেওঁলোকৰ পক্ষৰ পৰা কোনো ধৰণৰ ইতিবাচক সঁহাৰি নোপোৱাৰ বাবে এতিয়া এই বিমানসমূহ বিক্ৰীৰ বাবে নিবিদা কৰা হৈছে। কিন্তু চৰকাৰে তেওঁলোকৰ কাম-কাজৰ পৰিচালনা ব্যক্তিগত কোম্পানী এটাক গতাই দিয়াৰ চেষ্টা চলাইছিল যদিও কোনো কোম্পানীয়ে ইয়াক গ্ৰহণ কৰা নাছিল।
হিন্দুস্থান সমাচাৰ/পংকজ/মনোজ
